ৰমজানৰ সময়ত সুৰা বিক্ৰীত নিষেধাজ্ঞা কিয় নাই, এয়াই গণতন্ত্ৰ নেকি… কোনে ক’লে
বিশেষ বাৰ্তা, ৫ এপ্ৰিলঃ ধৰ্ম আৰু ৰাজনীতি এতিয়া একাকাৰ হৈছে। ধৰ্মই সহনশীল হ’বলৈ শিকায়, ধৰ্মই সংস্কাৰৰ পাঠ দিয়ে, মানুহক সুপথেৰে পৰিচালিত কৰি নিবলৈ ধৰ্ম এটা পথ… এইবোৰ কথা ৰাজনীতিৰ হেঁচা-থেলাত পুৰণি হৈছে। ধৰ্মীয় আবেগ-অনুভূতিৰ দোহাইৰে মানুহক ভাগ ভাগ কৰাৰ চেষ্টাহে চলিছে এতিয়া। এইবাৰ দেশত নৱৰাত্ৰি বনাম ৰমজান! আগন্তুক নৱৰাত্ৰি উৎসৱৰ বাবে ভক্তৰ আবেগৰ দোহাইৰে দেশৰ ঠাই বিশেষে চৰকাৰী নিৰ্দেশ জাৰি কৰা হৈছে যে সেই নিৰ্দিষ্ট ১০দিনত মাংসৰ দোকান বন্ধ কৰিব লাগিব। ইয়াৰ কোনো প্ৰাথমিক ভিত্তি নাই জাননী জাৰি কৰা চৰকাৰী আজ্ঞাবাহীসকলৰ হাতত। এই নিৰ্দেশনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে এইবাৰ কংগ্ৰেছী নেতাই ৰমজানৰ আবেগ আনিছে। আগশাৰীৰ কংগ্ৰেছ নেতা ছলমান নিজামীয়ে টুইটাৰত লিখিছে যে যদিহে নৱৰাত্ৰিৰ বাবে মাংস বিক্ৰী বন্ধ কৰিব লাগে তেন্তে ৰমজানৰ পৱিত্ৰ সময়ত সুৰাৰ বিক্ৰীত নিষেধাজ্ঞা লগোৱা হোৱা নাই কিয়? নৱৰাত্ৰিত যিয়ে পিঁয়াজ-নহৰু নাখায় নাই, কিন্তু আনৰ খোৱা কিয় বন্ধ কৰিব লাগে? এয়াই গণতন্ত্ৰ নেকি? আমাৰ আবেগ-অনুভূতি আৰু সাংবিধানিক অধিকাৰ ক’ত!