নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্ভয়াৰ ধর্ষণকাৰীৰ সৈতে অধিবক্তা ইন্দিৰা জয়সিঙকো কাৰাগাৰত ৰখাৰ দাবী কংগনাৰ

নিয়মীয়া বার্তা, ২৪ জানুুৱাৰীঃ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ইন্দিৰা জয়সিঙৰ বিৰুদ্ধে ক্ষুৰধাৰ মন্তব্য আগবঢ়াইছে বলীউডৰ অভিনেত্রী কংগনা ৰানাৱটে৷

নির্ভয়াৰ মাতৃ আশা দেৱীয়ে শিহৰণকাৰী ধর্ষণ তথা হত্যাৰ গোচৰত দোষী সাব্যস্ত হোৱা চাৰি অপৰাধীক ক্ষমা কৰি দিব লাগে বুলি ইন্দিৰা জয়সিঙে মন্তব্য আগবঢ়াইছিল৷ কংগ্রেছ নেত্রী ছোনিয়া গান্ধীয়ে নিজৰ স্বামীৰ হত্যাকাৰীক ক্ষমা কৰি দিয়াৰ দৰে নির্ভয়াৰ মাতৃয়েও অনুৰূপ পন্থা অৱলম্বন কৰিব লাগে বুলি মন্তব্য কৰাৰ পিছতে কংগনা ৰাণাৱটে কৈছে যে জয়সিঙৰ দৰে মহিলাসকলেই দেশত ধর্ষণকাৰী আৰু চয়তানবোৰক জন্ম দিছে৷ নির্ভয়াৰ চাৰি ধর্ষণকাৰীৰ সৈতে জয়সিঙক চাৰি দিনৰ বাবে কাৰাগাৰত বন্দী কৰি থোৱা উচিত বুলিও উল্লেখ কৰিছে ৰাণাৱটে৷ ধর্ষণকাৰীৰ প্রতি সহানুভূতিশীল জয়সিঙৰ মন্তব্যত ক্ষুব্ধ কংগনাই উল্লেখ কৰে যে এনে মহিলাসকলৰ বাবেই দেশত পাশৱিক ধর্ষণকার্য সংঘটিত কৰা চয়তানৰ জন্ম হৈ আহিছে৷

ইফালে নির্ভয়াৰ মাতৃ আশা দেৱীয়ে কংগনা ৰাণাৱটৰ এই মন্তব্যক সমর্থন জনাইছে৷

You might also like