নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিমাচলত শিক্ষাত গেৰুৱাকৰণঃ তৃতীয় শ্রেণীত সংস্কৃত–নৱম শ্রেণীত ভাগৱত গীতা

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ হিমাচল প্রদেশ চৰকাৰে বিদ্যালয়ৰ তৃতীয় শ্রেণীত সংস্কৃত, ষষ্ঠ শ্রেণীৰ পৰা বৈদিক গণিত আৰু নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈ ভাগৱত গীতা অধ্যয়নক বিষয় হিচাপে বলৱৎ কৰা সিদ্ধান্তত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ হিমাচল প্রদেশ বিদ্যালয় শিক্ষা ব’ৰ্ড চমুকৈ এইচপিএছইবিয়ে তৃতীয় শ্রেণীৰ পৰা সংস্কৃত আৰু ষষ্ঠ শ্রেণীৰ পৰা বৈদিক গণিত পাঠ্যক্রম হিচাপে অন্তর্ভুক্ত কৰি ঐতিহাসিক পৰম্পৰা আগবঢ়াই নিয়া লক্ষ্যক চৰকাৰখনে শিক্ষাত গেৰুৱাকৰণ কৰা বুলি ৰাজ্যখনত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ চলিত বর্ষৰে পৰা তৃতীয় শ্রেণী আৰু ষষ্ঠ শ্রেণীৰ পৰা ঐতিহাসিক পৰম্পৰাগত বিষয়ক বলৱৎ কৰাৰ বিপৰীতে অহা বর্ষৰ পৰা নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীলৈকে ভাগৱত গীতাক এটা বিষয় হিচাপে অন্তর্ভুক্ত কৰিব৷ শিক্ষাগত মান উন্নীত কৰি ইংৰাজী, গণিত আৰু বিজ্ঞানৰ জ্ঞান শিক্ষার্থীসকলক প্রদান কৰাৰ বিপৰীতে হিমাচল চৰকাৰে শিক্ষাত গেৰুৱাকৰণ আৰম্ভ কৰাৰ সিদ্ধান্ত গৰিহণাৰ যোগ্য বুলি বিৰোধী দলসমূহে প্রতিক্রিয়া ব্যক্ত কৰিছে৷

You might also like