নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰোনাল্ড’ৰ পাৰিবাৰিক জীৱনত বিষাদ, সদ্যোজাত সন্তানৰ মৃত্যু

বিশেষ বাৰ্তা, ১৯ এপ্ৰিলঃ ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ড’ৰ পাৰিবাৰিক জীৱনত বিষাদৰ এটুকুৰা ক’লা ডাৱৰ নামিছে। ছ’চিয়েল মিডিয়াত ৰোনাল্ড’ৱে নিজেই জনালে যে তেওঁলোকৰ সদ্যোজাত যমজ সন্তানৰ এটিৰ মৃত্যু হৈছে। এই খবৰ পোৱাৰ পাছতে ৰোনাল্ড’ৰ সমর্থক-অনুৰাগীসকলো ব্যথিত হৈছে। সোমবাৰে ৰোনাল্ড’য়ে লিখিছে- অত্যন্ত দুখেৰে জনাইছো যে আমাৰ পুত্ৰ সন্তানটিৰ জন্মৰ পাছতে মৃত্যু হৈছে। মাক-দেউতাকৰ বাবে এয়া সবাতোকৈ ডাঙৰ দুখ।

কন্যা সন্তানটি বাচি থকাই এই কঠিন সময়ত আমাক কিছু শক্তি যোগাইছে। যোৱা অক্টোবৰত ৰোনাল্ড’ আৰু তেওঁৰ বান্ধৱী জিঅ’র্জিনা ৰদ্রিগেছে বৰ আনন্দৰে ঘোষণা কৰিছিল যে তেওঁলোকে যমজ সন্তানৰ পিতৃ-মাতৃ হ’বলৈ ওলাইছে। ইতিমধ্যে তেওঁলোকৰ তিনিটা সন্তান আছে।

You might also like