লকডাউনত পাৰ্টীঃ সংসদত সকলোৰে আগত ক্ষমা বিচাৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশেষ বাৰ্তা, ২০ এপ্ৰিলঃ জৰিমনাৰ পাছত এইবাৰ সংসদত নিঃচর্ত ক্ষমা বিচাৰিলে ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনে। ক’ভিড পৰিস্থিতিৰ বাবে ব্রিটেইনত ২০২০-ত লকডাউন ঘোষণা কৰিছিল জনছনৰ চৰকাৰে। গোটেই দেশ যেতিয়া লকডাউনত গৃহবন্দী হৈ আছিল ঠিক তেনে সময়ত অতিমাৰী আইন ভাঙি জন্মদিন পালন কৰাৰ অভিযোগ উঠিছিল ব্রিটিছ প্রধানমন্ত্রীৰ বিৰুদ্ধে। সেই বিতর্ক এতিয়াও চলি আছে। আইন অমান্য কৰি পার্টী কৰা বাবে বিৰোধীয়ে ক্রমাগত চাপ বঢ়াইছে বৰিছ আৰু তেওঁৰ দলৰ ওপৰত। লণ্ডন আৰক্ষীয়ে তদন্তত নামিছে। ব্রিটিছ আৰক্ষীৰ সূত্রত প্ৰকাশ যে সেই সময়ত একাধিক পার্টী কৰিছিল প্রধানমন্ত্রীয়ে। তেওঁ দোষী সাব্যস্ত হৈছে। বিত্তমন্ত্রী ঋষি সুনকৰ বিৰুদ্ধেও একেই অভিযোগ উঠিছে। তেওঁলোক সকলোকেই জৰিমনা বিহা হৈছে। কিন্তু প্রধানমন্ত্রীৰ এই ‘শাস্তি’ত সন্তুষ্ট নহয় বিৰোধী। তেওঁলোকে প্রধানমন্ত্রী আৰু বিত্তমন্ত্রীৰ পদত্যাগৰ দাবী কৰিছে। ‘দায়িত্বজ্ঞানহীন’কামৰ বাবে প্রধানমন্ত্রীক সকলোৰে আগত নিঃচর্ত ক্ষমা বিচৰাৰো দাবী তুলিছিল বিৰোধীয়ে। যদিও বৰিছে প্রকাশ্যে এবাৰো পার্টী আয়োজনৰ কথা স্বীকাৰ কৰা নাই তাৰ পাছতো শেহতীয়াকৈ সংসদত ক্ষমা বিচাৰিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে।