বিশেষ বাৰ্তা, ২০ এপ্ৰিলঃ ক্ৰিকেটাৰ আৰু অভিনেত্ৰীৰ যুটী ভাৰতত বৰ পছন্দৰ। বিৰাট কোহলী আৰু অনুস্কা শৰ্মাৰ পাছত এইবাৰ আৰু এহাল তেনে প্ৰেমাস্পদৰ বিবাহৰ যো-জা চলিছে। দ’ৰা ভাৰতীয় ক্ৰিকেট দলৰ অপেনাৰ তথা লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ কেপ্টেইন কে এল ৰাহুল আৰু কইনা সুনীল ছেট্টীৰ জীয়ৰী আথিয়া ছেট্টী। জানিব পৰা মতে, চলিত বৰ্ষৰ ডিচেম্বৰ মাহতে বিবাহপাশত আৱদ্ধ হ’ব কেএল ৰাহুল-আথিয়া ছেট্টী। দুয়োৰে পৰিয়ালৰ পৰাও আহিছে সেউজ সংকেত। দুয়োটা পৰিয়ালেই মাংগালোৰৰ। গতিকে বিবাহ দক্ষিণ ভাৰতীয় পৰম্পৰাৰে হ’ব বুলিও শুনা গৈছে। উল্লেখ্য যে,আথিয়াৰ সৈতে কেইবাবছৰ ধৰি কেএল ৰাহুলৰ প্ৰেমৰ সম্পৰ্ক। দুয়ো একেলগে ছ’চিয়েল মিডিয়াত বহু ফটোও পোষ্ট কৰিছে। অভিনেত্ৰীগৰাকীৰ পিতৃৰো পছন্দৰ ৰাহুল। ক্ৰিকেটাৰজনৰ সফলতাক লৈ বহুবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সুনীল ছেট্টীয়ে। আথিয়াই ২০১৫ চনত ‘হিৰো’ ছবিৰ জৰিয়তে বলীউডত খোজ দিয়ে। কিন্তু ৰাহুলৰ সৈতে প্ৰেমৰ কথাইহে তেওঁক অধিক গ্লেমাৰ দিছে।
Next Post
You might also like