মহাৰাণী এলিজাবেথৰ ৰূপত বাৰ্বী পুতলা
বিশেষ বাৰ্তা, ২১ এপ্ৰিলঃ ব্ৰিটেইনৰ মহাৰাণী এলিজাবেথৰ শাসনৰ প্লেটিনাম জয়ন্তী উপলক্ষে বহুধৰণৰ আয়োজন চলিছে। এইবাৰ ৰাণীক সন্মান জনোৱা হ’ল তেওঁৰে অৱয়বৰ বাৰ্বী পুতলা সাজি। প্ৰখ্য়াত পুতলা তৈয়াৰকৰ্তা মেটেল কোম্পানীয়ে এই বাৰ্বী পুতলা সাজি ৰাণীলৈ উচৰ্গা কৰিছে। নিজৰ বিবাহৰ দিনটোত ৰাণীয়ে পিন্ধা পোছাকজোৰৰ অবিকল কৰিয়েই এই পুতলাটো সজা হৈছে। আজি ৯৬ বছৰ বয়সত ভৰি থোৱা ৰাণী এলিজাবেথে ১৯৫২ চনত পিতৃৰ মৃত্যুৰ পাছৰ পৰা ৰাজ সিংহাসনত বহিছে। ব্ৰিটেইনৰ ইতিহাসত সবাতোকৈ অধিক সময় ৰাজত্ব কৰা সম্ৰাজ্ঞীগৰাকীয়ে হ’ল ৰাণী এলিজাবেথ দ্বিতীয়। এই পুতলা লণ্ডনৰ বিভিন্ন প্ৰতিষ্ঠিত বিপনীত বিক্ৰী কৰা হ’ব।