ব্রিটেইনত ৰাণী এলিজাবেথৰ ৯৬সংখ্যক জন্মদিন উদযাপনৰ প্রস্তুতি
নিয়মীয়া বাৰ্তা, ২২ এপ্ৰিলঃ ব্রিটিছ ৰাণী এলিজাবেথ দ্বিতীয়ই আজি ৯৬সংখ্যক জন্মদিন পালন কৰিছে৷ বিশ্বৰ বহু ঘটনাৰ সাক্ষী ব্রিটিছ ৰাণী এলিজাবেথ দ্বিতীয়৷ উল্লেখনীয় যে ৰাণীৰ জন্মদিন উপলক্ষে টাৱাৰ অৱ লণ্ডন আৰু হাইটপার্কত দেশখনৰ সেনাই কেইবাটাও তোপধ্বনিৰে ৰাণীৰ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ সাজু হৈছে৷ ইফালে সামৰিক বেণ্ডে ৰাণীৰ বাবে জন্মদিনৰ শুভেচ্ছা জনাবলৈ বিশেষভাৱে সংগীত সজাই তুলিছে৷ ব্রিটিছ সম্রাজ্ঞীগৰাকীয়ে অৱশ্যে অতি কমসংখ্যক অনুৰাগী আৰু ৰাজপৰিয়ালৰ সদস্যৰ উপস্থিতিত এই জন্মদিন পালন কৰাৰ চিন্তা–চর্চা চলাইছে৷ স্মর্তব্য যে চলিত বর্ষটো ব্রিটিছ ৰাজপৰিয়ালৰ বাবে অতি কষ্টকৰ বর্ষ হিচাপে চিহ্ণিত হৈছে৷ কাৰণ ৰাণী এলিজাবেথৰ শৰীৰ এতিয়া অৱশপ্রায়৷ ইয়াৰ উপৰি মাত্র কেইমাহমান পূর্বে ৰাজকুমাৰ ফিলিপৰ দেহাৱসান ঘটিছে৷ সুদীর্ঘ ৭০ বছৰতকৈ অধিক কাল ধৰি ব্রিটেইনৰ ৰাণীৰ পদ অলংকৃত কৰি ৰাখিছে এলিজাবেথে৷