বলীউডত খোজ দিবলৈ ওলাইছে শচীন-কন্যা ছাৰা! পুত্ৰ ব্যস্ত আই পি এলত
বিশেষ বাৰ্তা, ২৬ এপ্ৰিলঃ শচীন তেণ্ডুলকাৰৰ পুত্ৰ অর্জুনে দেউতাকৰ পথকে অনুসৰণ কৰি আগবাঢ়িছে। ক্রিকেটতে কেৰিয়াৰ গঢ় দিয়াত উঠি-পৰি লাগিছে। আইপিএলত মুম্বাই ইণ্ডিয়ান্স টীমৰ অন্যতম সদস্য অর্জুন তেণ্ডুলকাৰ। কিন্তু শচীনৰ জীয়ৰীয়ে কি কৰিব জানেনে? কোন দিশত নিজৰ কেৰিয়াৰ সজোৱাৰ পৰিকল্পনা কৰিছে ছাৰা তেণ্ডুলকাৰে? বলীউডত গুজব উঠিছে ছাৰাই অভিনয় জগতত ভৰি থ’বলৈ ওলাইছে! এটি সংবাদ মাধ্যমৰ দাবী যে ছবিজগতত ভৰি থ’বলৈ ছাৰাই সঠিক সময়ৰ অপেক্ষাত আছে।
শচীন-কন্যাৰ অভিনয় দক্ষতাই ইতিমধ্যে বহুতৰে প্রশংসা লাভ কৰিছে। বহুকেইটা বিজ্ঞাপনত কাম কৰিছে শচীন-কন্যাই। সেয়ে এই উদ্যোগতেই তেওঁ গঢ়িব বিচাৰিছে নিজৰ স্বতন্ত্র পৰিচয়। ছাৰাৰ মাক তথা শচীনৰ পত্নী অঞ্জলি তেণ্ডুলকাৰ স্বনামধন্য ডাক্তৰ। মাকৰ পথত খোজ দি লণ্ডনৰ পৰা মেডিছিন শিক্ষা লাভ কৰি আহিছে ছাৰাই। কিন্তু তেওঁৰ মন অভিনয়ত। ইয়াৰ আগতেও এবাৰ চৰ্চা হৈছিল যে ছাৰাই বলীউডত শাহিদ কাপুৰৰ বিপৰীতে প্ৰথম ছবিখনত কাম কৰিবলৈ ওলাইছে। কিন্তু তেতিয়া খোদ শচীনে সেই আলোচনাত চেঁচাপানী ঢালি জনাইছিল যে তেওঁৰ কন্যা এতিয়া পঢ়াশুনাত ব্যস্ত।