নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সামৰিক ক্ষেত্রত অধিক ধন ব্যয়ৰ তালিকাত তৃতীয় স্থানত ভাৰত

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ বিশ্বৰ ভিতৰতে প্রতিৰক্ষা ক্ষেত্রত ভাৰতৰ বিনিয়োগ অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ শেহতীয়াকৈ ষ্ট’কহোম আন্তর্জাতিক শান্তি গৱেষণা প্রতিষ্ঠান (এছআইপিআৰআই)ৰ প্রতিবেদন অনুসৰি আমেৰিকা, চীন, ভাৰত, ব্রিটেইন আৰু ৰাছিয়াই সমগ্র বিশ্বৰ মুঠ বাজেটৰ ৬২ শতাংশ ধন সামৰিক ক্ষেত্রত ব্যয় কৰি আহিছে৷ ২০২১ চনত ভাৰতৰ সামৰিক শিতানত ব্যয় আছিল ৭৬.৬ বিলিয়ন ডলাৰ৷ মাত্র এটা বছৰত ভাৰতৰ সামৰিক ব্যয় বৃদ্ধি পায় ০.৯ শতাংশ৷ ২০১২ চনৰ পৰা ২০২১লৈ ভাৰতৰ সামৰিক শিতানত ব্যয় বৃদ্ধি পাইছে ৩৩ শতাংশ৷

প্রতিবেদনত উল্লেখ কৰা অনুসৰি চীন, পাকিস্তানৰ সৈতে চলি থকা সীমা বিবাদৰ বাবেই ভাৰতে সামৰিক আধুনিকীকৰণৰ বিষয়টোক অধিক অগ্রাধিকাৰ দিছে৷ ভাৰতীয় সশস্ত্র বাহিনী আত্মনির্ভৰ হৈ উঠিবলৈ বিভিন্ন অস্ত্র তথা সামৰিক বাহন নিজাববীয়াকৈ দেশখনে নির্মাণ কৰিবলৈও লৈছে৷

স্মর্তব্য যে বিশ্বৰ মুঠ সামৰিক বাজেটৰ আমেৰিকাই ৩৮ শতাংশ বিনিয়োগ কৰি আহিছে৷ চীন আৰু ব্রিটেইনে ১৪ শতাংশ ব্যয়েৰে দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে তৃতীয় স্থানত আছে ভাৰত৷ লক্ষণীয়ভাৱে একেৰাহে ২৭ বছৰ ধৰি চীনৰ সামৰিক ব্যয় বৃদ্ধি পাইছে৷ সংস্থাটোৰ প্রতিবেদন অনুসৰি প্রথমবাৰলৈ বিশ্বৰ সামৰিক শিতানত ব্যয় ২ লাখ কোটি ডলাৰলৈ বৃদ্ধি পাইছে৷

You might also like