নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিবাহৰ আগতে লিভ-ইন সম্পৰ্কত থাকিব ৰাহুল-আথিয়া, কিমান টকাত ভাৰা ল’লে ফ্লেট জানেনে

বিশেষ বাৰ্তা, ২৮ এপ্ৰিলঃ ক্ৰিকেটাৰ আৰু অভিনেত্ৰীৰ যুটী ভাৰতত বৰ পছন্দৰ। বিৰাট কোহলী আৰু অনুস্কা শৰ্মাৰ পাছত এইবাৰ আৰু এহাল তেনে প্ৰেমাস্পদৰ বিবাহৰ যো-জা চলিছে। দ’ৰা ভাৰতীয় ক্ৰিকেট দলৰঅন্যতম তাৰকা বেটছমেন তথা লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ কেপ্টেইন কে এল ৰাহুল আৰু কইনা সুনীল ছেট্টীৰ জীয়ৰী আথিয়া ছেট্টী। জানিব পৰা মতে, চলিত বৰ্ষৰ ডিচেম্বৰ মাহতে বিবাহপাশত আৱদ্ধ হ’ব কেএল ৰাহুল-আথিয়া ছেট্টী। এতিয়া দুয়োৰে বাসস্থান হ’ব এটি ভাৰাঘৰ। বিবাহৰ পূৰ্বে তেওঁলোক লিভ ইন সম্পৰ্কত থাকিব বিচাৰিছে। মুম্বাইৰ বান্দ্ৰাৰ সমুদ্ৰ তীৰত থকা এই ফ্লেটটো যথেষ্ট বিলাসবহুল। জানিব পৰা মতে, প্ৰতি মাহে এই ফ্লেটৰ ভাৰা ১০ লাখ টকা। কিন্তু হাতত ইমান ধন থকাৰ পাছতো তেওঁলোকে নিজাকৈ ফ্লেট কিনাৰ বিপৰীতে ভাৰাত কিয় থাকিব সেয়াহে ডাঙৰ প্ৰশ্ন। সম্প্ৰতি বহুতকে দেকা গৈছে ফ্লেট কিনাৰ বিপৰীতে ভাৰাত থকা। সেইসকল তাৰকাৰ ভিতৰত সোমাইছে ৰাহুল আৰু আথিয়া। তেওঁলোকৰ বিবাহ দক্ষিণ ভাৰতীয় পৰম্পৰাৰে হ’ব বুলিও শুনা গৈছে। উল্লেখ্য যে,আথিয়াৰ সৈতে কেইবাবছৰ ধৰি কেএল ৰাহুলৰ প্ৰেমৰ সম্পৰ্ক।

You might also like