নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰধানমন্ত্ৰী আহিছেঃ চিটীবাছ নাই মহানগৰীত, জনতাৰ হাহাকাৰ অৱস্থাৰ খবৰ ৰাখিছে কোনে

বিশেষ বাৰ্তা, ২৮ এপ্ৰিলঃ কাৰ্বি আংলং, ডিব্ৰুগড়ৰ বিশাল কাৰ্যসূচীত অংশ লোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আগমণক লৈ এফালে উছাহৰ ঢল বৈছে। আনফালে যাতায়াতৰ ক্ষেত্ৰত ৰাজ্যজুৰি সাধাৰণ জনতাই অভাৱনীয় দুৰ্ভোগ ভুগিবলগীয়া হৈছে। প্ৰধানমন্ত্ৰীৰ সভালৈ মানুহ নিবলৈ ৰাজ্যৰ প্ৰায় ১০ হাজাৰ বাছ অধিগ্রহণ কৰা হৈছে। যাৰ বাবে যাতায়াতত দুৰ্ভোগ ভূগিছে সাধাৰণ মানুহে। যোৱা দুদিন ধৰি ক’বলৈ গ’লে এখনো চিটীবাছ নাই গুৱাহাটী মহানগৰীত। তাৰ বাবে হাহাকাৰ অৱস্থা হৈছে যাত্ৰীৰ মাজত। জনা মতে, কেৱল গুৱাহাটীৰ পৰাই প্ৰায় ৫০০ চিটীবাছ অধিগ্রহণ কৰিছে। যি দুই-এখন চিটীবাছ আছে তাতে পাণ জপা দি মানুহ জাপি আনিছে। ফলত দুৰ্ঘটনাৰ আশংকাও প্ৰৱল হৈছে। ইপিনে,সৃষ্টি হৈছে অভাৱনীয় যান-জঁট। এনেসময়ত সাধাৰণ জনতাৰ খবৰ ৰাখিবলৈ প্ৰশাসনৰ আহৰিয়ে নাই।

You might also like