নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিগনেশ মেৱানীৰ জামিনৰ ৰায়দান সন্দৰ্ভত দিয়া পৰ্যবেক্ষণত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশঃ পৰৱৰ্তী ৰায়দানলৈকে কাৰ্যকৰী নহয় পূৰ্বৰ ৰায়

নিয়মীয়া বাৰ্তা, ২ মে: গুজৰাটৰ বিধায়ক জিগনেশ মেৱানীৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ। বৰপেটা সত্ৰ আদালতৰ সকলো পৰ্যবেক্ষণত স্থগিতাদেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। চৰকাৰৰ আৱেদনৰ ভিত্তিত বৰপেটা সত্ৰ আদালতৰ সকলো পৰ্যবেক্ষণত স্থগিতাদেশ। পৰৱৰ্তী নিৰ্দেশনা পৰ্যন্ত স্থগিতাদেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। কোনো তথ্য নথকাকৈ বৰপেটা ন্যায়াধীশে ৰায় দিছিল বুলি মন্তব্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ।

উল্লেখ্য যে, বৰপেটাৰোড আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ 294/323/353/354 ধাৰাত ৰুজু হোৱা 81/2022 নং গোচৰ সংক্ৰান্তত বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে বিগত ২৯এপ্ৰিলত জামিন মঞ্জুৰ কৰিছিল ।

লগতে বৰপেটা জিলা আৰু সত্ৰ ন্যায়াধীশ অপৰেশ চক্ৰৱৰ্তীৰ আদালতে গোচৰটো সম্পৰ্কত ৰায়দান কৰি আৰক্ষীৰ ভূমিকাক কটু সমালোচনা কৰিছিল। এই সমগ্ৰ ৰায়দানৰ সম্পৰ্কত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । আজি এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে ৰাজ্য চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই জনায় যে মেৱানীৰ গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ কৰি বৰপেটা সত্ৰ ন্যায়াধীশ আদালতৰ সকলো পৰ্যবেক্ষণত স্থগিতাদেশ জাৰি কৰে।

You might also like