নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইনষ্টাগ্ৰামত জনপ্ৰিয় হ’বলৈ গৈ নগ্ন হৈ ফটো উঠি দম্পতিয়ে পালে শাস্তি

বিশেষ বাৰ্তা, ৭ মেঃ নগ্ন ফটোছেচন কৰি দ্বীপৰাষ্ট্ৰ ইণ্ডোনেছিয়াৰ বালি প্ৰদেশৰ পৰা নিৰ্বাসিত হৈছে ৰাছিয়াৰ এক দম্পতি। ইণ্ডোনেছিয়াৰ হলীডে’ দ্বীপৰ পৰা জনোৱা অনুসৰি স্থানীয় বিশ্বাস আৰু পৰম্পৰা উলংঘা কৰি পৱিত্ৰ গছ এডালৰ ওপৰত নগ্ন তোলাক লৈ এই বিবাগ আৰম্ভ হয়। ইনষ্টাগ্ৰামত কেবাহাজাৰ অনুগামী থকা এলিনা ফাজলিভা নামৰ ছচিয়েল মিডিয়াত জনপ্ৰিয় মহিলাগৰাকীয়ে মন্দিৰৰ ৭০০ বছৰ পুৰণি গছ এডালত নগ্ন হৈ ফটো উঠে আৰু সেই ফটো পোষ্ট কৰাৰ পাছতে ভাইৰেল হৈ পৰে। ফটো তুলিছিল তেওঁৰ স্বামী এণ্ড্ৰেয় ফাজলিভে। পৰ্বত, গছ আৰু আন আন কিছুমান প্ৰাকৃতিক সম্পদক বালিনেছ হিন্দুসকলে ঈশ্বৰ বুলি বিশ্বাস কৰি আহিছে। সেয়ে তেওঁলোকৰ বিশ্বাস, অনুভূতিক আঘাত হনা কাৰ্য কৰা বাবে ইণ্ডোনেছিয়া প্ৰৱেশত অন্ততঃ ছমাহৰ বাবে নিষিদ্ধ কৰা হৈছে। লগতে পৱিত্ৰ স্থান পৰিষ্কাৰ কৰা অভিযানতো অংশ ল’বলগীয়া হৈছে। পাছত এলিনা ফাজলিভাই নিজৰ ভুল নিজেই স্বীকাৰ কৰিছে ইনষ্টাগ্ৰামত আৰু গছডালৰ কাষত তেনে কোনো জাননী লিখা হোৱা নাই বুলিও জনাইছে। উল্লেখণীয় যে, কভিড বিধি উলংঘা কৰাৰ অপৰাধত যোৱা বছৰ হলীডে’ দ্বীপৰ পৰা ২০০ লোকক নিষিদ্ধ কৰা হৈছিল।

You might also like