বিশ্বনাথৰ বিহালী বনাঞ্চলক অভয়াৰণ্যলৈ উন্নীত
বিশ্বনাথত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এবছৰীয়া কাৰ্যকালৰ প্ৰথমটো মাইলৰ খুঁটি
নিয়মীয়া বাৰ্তা, ৮ মে’ : অৱশেষত বিশ্বনাথ জিলাৰ বিহালী সংৰক্ষিত বনাঞ্চলক অভয়াৰণ্যলৈ উন্নীতকৰণত আনুষ্ঠানিক মোহৰ লগালে ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে। যোৱা ৪ মেত গেজেট নটিফিকেশ্যন যোগে বিহালী বনাঞ্চলক অভয়াৰণ্যৰ আনুষ্ঠানিক স্বীকৃতি দিয়াৰ লগতে এই সন্দৰ্ভত যাৱতীয় দায়িত্ব বিশ্বনাথৰ উপায়ুক্তক অৰ্পণ কৰে। অসম ৰাজপত্ৰত উল্লেখ কৰা অনুসৰি ১৫৭,৫৭বৰ্গ কিলোমিটাৰ পৰিসীমাৰ ভিতৰত এই অভয়াৰণ্যই উদ্ভিদ আৰু প্ৰাণীকুলৰ সংৰক্ষণ,সংৱৰ্ধন আদিৰ গৱেষণাৰ পথ প্ৰশস্ত কৰিব পাৰিব।
উল্লেখ্য বিহালীৰ বিধায়ক ৰনজিৎ দত্তৰ একান্ত আগ্ৰহ আৰু স্থানীয় নেচাৰ্চ বন্যপ্ৰাণ,স্থানীয় প্ৰকৃতি প্ৰেমী,গৱেষক আৰু সংবাদ মাধ্যমেও সমস্বৰে বিহালী বনাঞ্চলৰ সংৰক্ষণৰ স্বাৰ্থত অভয়াৰণ্যলৈ উন্নীতকৰণৰ দাবী উত্থাপন কৰি আহিছিল। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্চাৰ বাবে বন্যপ্ৰাণী সংৰক্ষণ বিভাগৰ শীৰ্ষ বিয়য়াই বনাঞ্চলখন পৰিদৰ্শন কৰি প্ৰতিবেদন দাখিল কৰিছিল।
তদুপৰি বৰ্তমান চৰকাৰৰ প্ৰথমখন অধিৱেশনতে ৰাজ্যপালৰ ভাষণত বিহালী বনাঞ্চলক অভয়াৰণ্যলৈ উন্নীত কৰাৰ কথা উল্লেখ কৰা হৈছিল আৰু সেই অনুসৰিয়েই যোৱা ৪ মেত গেজেট নটিফিকেচনৰ যোগেদি ইয়াক আনুষ্ঠানিক ৰূপ দিয়া হয় ।বিহালী বনাঞ্চলক অভয়াৰণলৈ উন্নীতকৰণৰ জাননী জাৰি কৰাৰ পিছত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰিছে বিহালীৰ বিধায়ক ৰনজিৎ দত্ত সহ স্থানীয় ৰাইজ আৰু প্ৰকৃতিপ্ৰেমী সংগঠনে।
উল্লেখ্য যে গৱেষকসকলে এতিয়ালৈকে ৩১০ বিধ স্থানীয় সপুষ্পক উদ্ভিদৰ প্ৰজাতি, প্ৰায় ৪১ বিধ স্তন্যপায়ী প্ৰাণী, ২৮২ বিধ চৰাই, ২৩ বিধ সাপ, ১১ বিধ কাছ, ১১ বিধ জেঠী, ১২ বিধ উভচৰ প্ৰাণী, ২৭৫ ৰো অধিক পখিলা এই সংৰক্ষিত অঞ্চলত বাস কৰাৰ তথ্য লাভ কৰিছে। পৃথিৱীত তিনিটা নতুন উদ্ভিদ প্ৰজাতিৰ লগতে কেইবাটাও আকৰ্ষণীয় উদ্ভিদ আৰু প্রাণী জৰীপৰ অন্তত অধিক নতুন প্ৰজাতিৰো তথ্য লাভ কৰা হৈছে। আই ইউ চি এনে এই প্রাণীসমূহৰ ভিতৰত ৩৬ বিধ প্রজাতিৰ প্রাণীক বিলুপ্তপ্ৰায় বুলি (International Union for Conservation of Nature)চিনাক্ত কৰিছে৷
বৰ্তমান পৃথিৱীৰ নেমু আৰু কমলাৰ উৎপত্তি কাৰকৰূপে গৱেষণাত প্ৰমানিত হোৱা বন কমলা এই বনাঞ্চলত পোৱা গৈছে৷ এই কমলাবিধৰ ৰোগ প্ৰতিৰোধ ক্ষমতা আছে৷ গৱেষকসকলে বনাঞ্চলখনত গেলিঅলা নুডিফলিয়া (Galeola nudifolia orchid) নামৰ এক উদ্ভিদৰ সন্ধান পাইছে।শেহতীয়াকৈ আবিষ্কাৰ হোৱা ১০টাতকৈয়ো অধিক ঔষধি গুণ বিশিষ্ট বিলুপ্তিৰ পথত থকা এৰিষ্টলচিয়া আচামিকা (Aristolochia assamica) যাক জনজাতীয় ভাষাত ৰুই এপ্পি আৰু ইশ্বৰী মূল বোলা হয় বুলি অভিহিত কৰা এই অতি দুষ্প্ৰাপ্য প্ৰজাতিৰ উদ্ভিদ বিধ পৃথিৱীৰ ভিতৰত প্ৰথম এই বনাঞ্চলত পোৱা গৈছিল বুলি গৱেষকৰ দাবী৷
একমাত্ৰ বিহালী বনাঞ্চলত পোৱা গৈছে ক্লৰ’ফাইটাম আচামিকাম( ’Chlorophytum assamicum)নামৰ এবিধ উদ্ভিদ বিধ স্থানীয় গৱেষকসকলৰ মতে মাত্ৰ ১৮ জোপাৰহে বৰ্তমান এই বনাঞ্চলখনত অৱশিষ্ট আছে৷ইতিমেধ্যে পৃথিৱীৰ পৰা বিলুপ্ত হোৱা বুলি ঘোষণা কৰা টুপিষ্টা (Tupista’,Assam dark flower) নামৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ উদ্ভিদ বিধ ১৫০ বছৰ পিছত পুনৰ বিহালী বনাঞ্চলত পোৱা গৈছে৷ বিহালী সংৰক্ষিত বনাঞ্চল অসমৰ ৰাজ্যিক পক্ষী তথা অতি বিৰল দেওঁহাঁহৰো বাসস্থান৷ ইয়াত ৰাজ্যৰ ৰাজ্যিক ফুল, ফক্সটেইল অৰ্কিড আৰু ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰাণী ঢেঁকীয়াপতীয়া বাঘ আদিৰ লগতে
বিৰল প্ৰজাতিৰ প্ৰাণী যেনে টুপীমূৰীয়া বান্দৰ, শৰ পহু, লাজুকি বান্দৰ, হাতী, কাছ, ধনেশ, বিভিন্ন মেকুৰী জাতীয় জীৱ, বৃহৎ আকাৰৰ কেৰ্কেটুৱা, অজগৰৰ বাহিৰেও কেইবাটাও বিৰল প্ৰজাতিৰ চৰাই, ৰঙীন পখিলা আৰু সুন্দৰ উদ্ভিদ আদিৰ আৱাসস্থান। বৰ,আহত, বলা, নাহৰ, আজাৰ আদিৰ লগতে বিভিন্ন উদ্ভিদৰ আশ্ৰয়থলী বিহালী বনাঞ্চলক অভয়াৰণ্যৰ।আনুষ্ঠানিক স্বীকৃতি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো কাৰ্যকালৰ বিশ্বনাথ জিলাৰ বাবে মাইলৰ খুঁটি ৰূপে চিহ্নত হ’ব।
প্ৰেৰকঃ বসন্ত বৰা,বিশ্বনাথ