নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনয়ৰ উপৰি আৰু কি কি কৰি ভাল পায় প্ৰীতি জিণ্টাই

বিশেষ বাৰ্তা, ৯ মেঃ বলীউডৰ ডিম্পল গাৰ্ল প্ৰীতি জিণ্টাক কাৰনো ভাল নালাগে! এতিয়া তেওঁ অভিনয়ৰ পৰা বিৰতিত আছে। দুটি যমজ সন্তানৰ মাতৃ হৈছে। যোৱা কিছুদিন আগেয়ে আমেৰিকাৰ পৰা ভাৰতলৈ আহিছে। তেওঁৰ আইপিএল টীম পাঞ্জাৱ কিংছক সমৰ্থন দিবলৈ তেওঁ ভাৰতত আছে। ইনষ্টাগ্ৰামত ৮.৮ নিযুত অনুগামী থকা প্ৰীতিয়ে সঘনে নিজৰ ঘৰুৱা জীৱনৰ কাম-কাজ আৰু ফটো আদি অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰি থাকে।

তেওঁক অনুসৰণ কৰা সকলে জানেই যে প্ৰীতি খাদ্যৰসিক। ছিমলাত থকা তেওঁৰ জৈৱিক সাৰৰ খেতিৰ পৰা ফল-মূল খোৱাৰ পৰা আৰম্ভ কৰি বিদেশত খোৱা ভাৰতীয় খাদ্যৰ ফটো শ্বেয়াৰ কৰিবলৈ নাপাহৰে। ভাৰতীয় খাদ্য প্ৰীতিৰ বৰ প্ৰিয়। অলপতে নিজৰ পাকঘৰৰ পৰা ফটো শ্বেয়াৰ কৰিছে মোহময়ীগৰাকীয়ে। তেওঁ অনুৰাগীক জনাইছে যে তেওঁ কৰি ভালপোৱা কামবোৰৰ ভিতৰত এটা হ’ল ৰন্ধা-বঢ়া। পাকঘৰত বিভিন্ন পাচলিৰে তেওঁ কেৰাহীত ৰান্ধিছে এখন তৰকাৰী। ৰান্ধনী হিচাপে প্ৰীতি জিণ্টা কেনে হ’ব পাৰে তলত কমেণ্ট কৰকচোন।

You might also like