নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিয়মীয়া বাৰ্তা’ৰ কাৰ্যালয়ত হোমেন বৰগোহাঞিৰ প্ৰথম মৃত্যু বাৰ্ষিকী

বিশেষ বাৰ্তা, ১২ মেঃ অসমীয়া সাহিত্য অনুৰাগীৰ বাবে প্ৰাতঃস্মৰণীয় নাম হোমেন বৰগোহাঞি। অদ্বিতীয় গদ্যৰ স্ৰষ্টা, অসামান্য সাহিত্য প্ৰতিভাৰ আকৰ, কেবাখনো বাতৰি কাকতত সাংবাদিকতা কৰা হোমেন বৰগোহাঞিৰ আজি প্ৰথম মৃত্যু বাৰ্ষিকী। মৃত্যুৰ সময় পৰ্যন্ত তেখেত আছিল ‘নিয়মীয়া বাৰ্তা’ কাকতৰ মুখ্য সম্পাদক। ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত আৰোগ্য লাভ কৰিলেও তাৰে কিছুদিন পাছত যোৱা ২০২১ চনৰ ১২ মে’ৰ পুৱা তেখেতৰ মৃত্যু ঘটে। আজি প্ৰথম মৃত্যু বাৰ্ষিকী ‘নিয়মীয়া বাৰ্তা’ৰ কাৰ্যালয়ত পালন কৰা হয়। বৰগোহাঞিৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলন কৰে প্ৰাইডইষ্ট এণ্টাৰটেইনমেণ্টৰ চি ই অ’ ৰিণিকি ভুঞা শৰ্মাই। শ্ৰদ্ধাঞ্জলি নিবেদন কৰে কাকতৰ সম্পাদক নৰেশ কলিতাসহ আন বহু সহকৰ্মীয়ে। ইয়াৰ পাছত নাগাৰা নাম-প্ৰসংগ কৰা হয়।

You might also like