টীম ইণ্ডিয়াৰ নিৰ্বাচন সমিতিৰ বাবে কেইবাজনো প্ৰাক্তন সদস্যই কৰিছে আবেদন
নিয়মীয়া বাৰ্তা ২৫ জানুৱাৰীঃ বিচিচিআইয়ে ভাৰতীয় পুৰুষ দলটোৰ নিৰ্বাচক সমিতিৰ দুটা পদৰ বাবে আবেদন বিচাৰিছে। তাৰ বাবে কেইবাজনো প্ৰাক্তন খেলুৱৈয়ে আবেদন কৰিছে।
ভাৰতৰ ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ চেতন শৰ্মা, লক্ষ্মণ শিৱৰামকৃষ্ণ, নয়ন মংগিয়া, অভয় কুৰুবিলা, অজীত আগাৰকাৰো আবেদনৰ তালিকাত আছে। বিচিচিআইয়ে যোৱা সপ্তাহত ভাৰতীয় ক্ৰিকেট দলৰ ছিনিয়ৰ আৰু জুনিয়ৰ দলৰ সৈতে মহিলা দলটোৰ বাবেও নিৰ্বাচক সমিতিৰ বাবে আবেদন বিচাৰিছে।