নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঠিকনা সলনিঃ কলকাতাত ঘৰ কিনিছে সৌৰভ গাংগুলীয়ে

নিয়মীয়া বাৰ্তা, ২১ মে’: প্রাক্তন ক্রিকেটাৰ আৰু ভাৰতীয় ক্রিকেট ব’ডৰ সভাপতি সৌৰভ গাংগুলীৰ ঠিকনা সলনি হৈছে৷ কলকাতাৰ ল’ৱাৰ ৰাউডন ষ্ট্রীটত ২৩.৬ কঠা মাটিত থকা এটা দুমহলীয়া বাংলো প্রায় ৪০ কোটি টকাত ক্রয় কৰিছে গাংগুলীয়ে৷ বিগত ৪৮ বছৰ বাস কৰা বেহালাৰ ঘৰ এৰি যাব প্রাক্তন অধিনায়কগৰাকীয়ে৷ নতুন ঘৰত পত্নী ডোনা গাংগুলী আৰু কন্যা ছানাৰ সৈতে থাকিব সৌৰভ৷ গাংগুলীৰ ইমানদিনে ঠিকনা আছিল বেহালাৰ বীৰেন ৰায় ৰোড৷ সেই ঠিকনাৰ সৈতে এইবাৰ যোগ হ’ল নতুন ঠিকনা৷ কলকাতা চহৰত প্রথমবাৰৰ বাবে ঘৰ কিনিছে গাংগুলীয়ে৷ এই বাসগৃহটো তেওঁ ব্যৱসায়ী অনুপমা বাগৰী, তেওঁৰ ককাক কেশল দাস বিয়ানী আৰু তেওঁৰ পুত্র নিকুঞ্জ বিয়ানীৰ পৰা ক্রয় কৰিছে৷ অৱশ্যে বেহালাৰ ঘৰৰ সৈতেও থাকিব তেওঁৰ নিয়মীয়া যোগাযোগ৷ তেওঁৰ জীৱনৰ প্রায় সকলো বৃহৎ অধ্যায়ৰ সাক্ষী বীৰেন ৰায় ৰোডৰ এই ঘৰটো৷

You might also like