নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্জাবসহ কেইবাখনো ৰাজ্যত ৰে’লপথ উৰুৱাব আইএছআয়ে!

নিয়মীয়া বাৰ্তা, ২৪ মে : পঞ্জাবসহ কেইবাখনো ৰাজ্যত বৃহৎ কূটাঘাতৰ পৰিকল্পনা চলাইছে পাকিস্তানৰ কুখ্যাত চোৰাংচোৱা সংস্থা আই এছ আয়ে৷ কেইবাখনো ৰাজ্যৰ ৰে’ল পৰিবহণ ব্যৱস্থা ব্যাহত কৰিবলৈ ৰে’লপথ উৰুৱাই দিয়াৰ পৰিকল্পনা ৰচিছে কুখ্যাত চোৰাংচোৱা সংস্থাটোৱে৷ দেশৰ নিৰাপত্তাৰ দায়িত্বত থকা চোৰাংচোৱা সংস্থাই এই তথ্য সদৰী কৰিছে৷ চোৰাংচোৱাৰ প্রতিবেদন অনুসৰি মূলতঃ ৰে’ললাইনসমূহক আক্রমণৰ লক্ষ্য হিচাপে বাছি ল’ব আই এছ আয়ে৷ ইয়াৰ বাবে পাক চোৰাংচোৱা সংস্থাটোৱে কেইবাটাও জেহাদী গোটক সাহায্যও আগবঢ়াইছে৷ এই তথ্য প্রকাশ পোৱাৰ লগে লগে পঞ্জাবসহ বিভিন্ন ৰাজ্যত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে চৰকাৰে৷

You might also like