নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়া ক্রিকেট দলৰ সহকাৰী প্রশিক্ষক ডেনিয়েল ভেট্টৰী

নিয়মীয়া বাৰ্তা, ২৫ মেঃ নিউজিলেণ্ড ক্রিকেট দলৰ প্রাক্তন অধিনায়ক ডেনিয়েল ভেট্টৰীক অষ্ট্রেলিয়া ক্রিকেট দলৰ সহকাৰী প্রশিক্ষকৰূপে নিযুক্তি দিয়া হৈছে৷ আজি অষ্ট্রেলিয়া ক্রিকেট ব’র্ডে ঘোষণা কৰা অনুসৰি প্রশিক্ষক এণ্ড্রিউ মেকড’নাল্ডক সহায় কৰিব ভেট্টৰীয়ে৷ মুখ্য প্রশিক্ষক জাষ্টিন লেংগাৰে পদত্যাগ কৰাৰ পিছত সহকাৰী প্রশিক্ষক মেকড’নাল্ডক অষ্ট্রেলিয়াৰ প্রশিক্ষকৰ দায়িত্ব প্রদান কৰা হয়৷ ফলত সহকাৰী প্রশিক্ষকৰ পদটো খালী হৈছিল৷ সেই স্থান পূৰণ কৰিলে ভেট্টৰীয়ে৷ উল্লেখ্য যে তেওঁ নিউজিলেণ্ডৰ হৈ ১১৩খন টেষ্ট আৰু ২৯৫খন এদিনীয়া মেচ খেলিছিল৷ আনহাতে, আই পি এলৰ ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ হৈ পূর্বে ভেট্টৰীয়ে খেলাৰ উপৰি দলটোৰ প্রশিক্ষক হিচাপেও কাম কৰিছিল৷

You might also like