নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰি বেগৰ নামত ১২ টকা লোৱা বিগ বজাৰলৈ ৫ লাখ টকাৰ জৰিমনা

নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰীঃ কেৰি বেগৰ নামত ভাৰতৰ বিশাল মল সমূহে টকা লোৱাৰ ক্ষেত্ৰত বহুবাৰ ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও বৰ্তমানো এইসমূহ মলে গ্ৰাহকৰ পৰা কেৰি বেগৰ নামত সংগ্ৰহ কৰি আহিছে ধন । বিগ বজাৰে কেৰি বেগৰ নামত টকা লোৱাৰ বাবে এইবাৰ এগৰাকী গ্ৰাহক কাষ চাপিল গ্ৰাহক সুৰক্ষা বিভাগৰ । ইয়াৰ পাচতেই এই ঘটনাৰ বাবে বিগ বজাৰ জৰিমনা বিহিব লগা হ’ল পাঁচ লাখ টকা ।

নেহা গোৱেল নামৰ এগৰাকী ক্ৰেতাৰ পৰা এটা কেৰি বেগৰ নামত চণ্ডীগড় বিগ বজাৰে আদায় কৰিছিল ১২ টকা । বিগ বজাৰৰ এই ১২ টকাৰ কেৰি বেগক প্ৰত্যাহ্বান জনাই গ্ৰাহক সুৰক্ষা বিভাগৰ কাষ চাপিল নেহা । তাৰ পাচতেই বিগ বজাৰক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিলে গ্ৰাহক সুৰক্ষা বিভাগে ।

গ্ৰাহক সুৰক্ষা বিভাগে জনোৱা অনুসৰি ক্ৰেতা নেহাক বিগ বজাৰে ইয়াৰ বাবে দিব লাগিব ১০০ টকা । আইনী প্ৰক্ৰিয়াৰ খৰচৰ বাবদ দিব লাগিব ১১০০ টকা । লগতে অতিৰিক্ত ৫ লাখ টকা জৰিমনা দিয়াৰো নিৰ্দেশ দিলে ভাৰতবৰ্ষৰ অভিজাত মল বিগ বজাৰক ।

গ্ৰাহক সুৰক্ষা বিভাগৰ কাষ চাপ নেহা গোৱেলে জনোৱা অনুসৰি চণ্ডীগড়ৰ ইণ্ডষ্ট্ৰিয়েল এৰিয়া ১ ৰ বিগ বজাৰৰ পৰা তেওঁ ১১৯৮ টকাৰ বজাৰ কৰিছিল । বিল দিয়াৰ পাচত কেৰি বেগৰ নামত তাত ১২ টকা সংযোগ কৰাত নেহা কাষ চাপে মেনেজাৰৰ । মেনেজাৰক এই কথা কোৱাৰ পাচতো কোনো সুদোত্তৰ নাপালে নেহাই । তাৰ পাচত বিগত বৰ্ষৰ ১ জুলাইত তেওঁ কাষ চাপে গ্ৰাহক সুৰক্ষা বিভাগৰ ।

You might also like