বানবিধস্ত বৰক’লা অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীয়ূষ হাজৰিকাৰঃ বানাক্ৰান্তক সকলো সহায়-সহযোগিতাৰ আশ্বাস
বিশেষ বাৰ্তা, ২৫ মে’: কপিলী, হাৰিয়া আৰু নিশাৰী নৈৰ প্ৰলয়ংকৰী বানত বিধ্বস্ত হোৱা বৰক’লা অঞ্চলৰ বন্যাৰ্তৰ অৱস্থাৰ বুজ লোৱাৰ উদ্দেশ্যে আজি তেওঁলোকৰ কাষত ঠিয় হয় ৰাজ্য জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা ৷ দুপৰীয়া ভাগত মন্ত্ৰীগৰাকীয়ে বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপিত বান শিবিৰত থকা দুই সহস্ৰাধিক বনাক্ৰান্তৰ অভাৱ-অভিযোগৰ বুজ লৈ চৰকাৰৰ ফালৰ সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে বৰক’লাৰ মিনা বজাৰত উপস্থিত হৈ দক্ষিণপাট-কামপুৰ সংযোগী গড়কাপ্তানি পথছোৱাৰ বৰক’লাৰ হাৰিয়া দলঙৰ সমীপত বানে ছিগি নিয়া অংশছোৱা অতি সোনকালে মেৰামতি কৰি ৰাইজৰ যাতায়াতৰ উপযোগী কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে ৷ তদুপৰি মন্ত্ৰীগৰাকীয়ে হাৰিয়া নৈ ভগ্ন মথাউৰিসমূহ পৰিদৰ্শন কৰি পৰিস্থিতি অনুকুল হোৱাৰ লগে লগেই এইসমূহ নিৰ্মাণ কৰি তোলাৰ আশ্বাস দিয়ে ৷ উল্লেখ্য, এই বান বিধ্বস্ত পৰিদৰ্শন কালত মন্ত্ৰী পীয়ূষ হাজৰিকাক সংগদান দিয়ে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, দক্ষিনপাট গাঁও পঞ্চায়তৰ সভাপতি যুগ প্ৰসাদ বৰদলৈ, বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিং, প্ৰাক্তন সভাপতি টুটু মনি লস্কৰ, সমাজকৰ্মী দৰবাৰ সিং, মোহিনী মোহন লস্কৰ, দিলীপ লস্কৰ, শিক্ষক ভদ্ৰ কান্ত ডেকাকে ধৰি বৰক’লা অঞ্চলৰ বহুকেইজন ব্যক্তিয়ে ৷
প্ৰেৰক কনক হাজৰিকা