নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাটু আৰু কেঞ্চাৰ

বর্তমান প্রজন্মই গাত টাটু কৰা এটা ফেশ্বন হৈ পৰিছে৷ আপুনিও যদি শৰীৰত টাটু কৰিছে, তেন্তে সাৱধান হওক৷ ই আপোনাৰ কাৰণে সমস্যা হ’ব পাৰে৷ নতুন দিল্লীৰ বি এল কে হাস্পতালৰ কনছালটেণ্ট প্লাষ্টিক ছার্জন ডাঃ ভি জে এছ তুলাই উল্লেখ কৰা মতে টাটুৰ কাৰণে দেহত বিন্ধোৱা বেজীটো যদি এইচ আই ভি, হেপাটাইটিছ বি আৰু চি আৰু ছালৰ কর্কট ৰোগত ইতিমধ্যে সংক্রমিত, তেন্তে নতুন ব্যক্তি এজনৰ দেহলৈ সহজে বিয়পে৷ কম মূল্যৰ সঁজুলিবোৰ কোনোপধ্যে নিৰাপদ নহয়৷ সেয়ে টাটু নকৰাই ভাল৷

You might also like