বহুধাবিভক্ত হবগৈ নেকি সদৌ অসম ছাত্ৰ সন্থা! ছাত্ৰ সন্থাক বিভক্ত কৰি একালৰ সতীৰ্থই গোপনে সংগঠন খোলাৰ যো-জা কিয়?
বিশেষ বাৰ্তা, ৩০মেঃ বহুধাবিভক্ত হবগৈ নেকি সদৌ অসম ছাত্ৰ সন্থা!ছাত্ৰ সন্থাক বিভক্ত কৰি একালৰ সতীৰ্থই গোপনে এক সংগঠন খোলাৰ যো-জা কৰাৰ অন্তৰালত আছে বা কি?এতিয়া এনে প্ৰশ্নৰ অৱতাৰণাই অসমৰ অন্যতম ছাত্ৰ সংগঠন আছুক বিভ্ৰান্তি কৰিছে আৰু এই ফৈদৰ লগতে আজি ডিব্ৰুগড়ৰ শ্বহীদ ন্যাস ভৱনত এক উতপ্ত পৰিস্থিতিৰ স্বৃষ্টি হয়।প্ৰাক্তন আছুৰ সতীৰ্থ সন্মিলন নামৰ ছাত্র সন্হাৰ একাংশ প্ৰাক্তন সকলক লৈ গঠন হব লগা সংগঠনটোৰ সৈতে ডিব্ৰুগড়ৰ শ্বহীদ ন্যাসত হোৱা আলোচনাৰ সময়তে অতি উতপ্ত পৰিস্থিতি হোৱাৰ লগতে আছুৰ নাম লৈ নতুনকৈ সংগঠন খুলি একাংশ দুৰ্নীতি পৰায়ন তথা সংগঠনৰ পৰা বহিঃস্কাৰ কৰি দিয়া একাংশ ছাত্র সন্হাৰ কৰ্মীক লৈ কোনো নতুন সংগঠন কেতিয়াও,কোনো কালেই খুলিবলৈ দিয়া নহব বুলি আজি ডিব্ৰুগড়ৰ আছু কৰ্মীসকলে স্পষ্ট কৰি দিয়ে। ইয়াকে লৈ প্ৰাক্তন আছু কৰ্মীৰ সৈতে আছুৰ নেতা-কৰ্মীৰ মাজত আজি ডিব্ৰুগড়ত তীব্ৰ সংঘাত হয়। আছুৰ নেতৃত্বৰ সৈতে কোনো আলোচনা নকৰাকৈ কেৱল ব্যক্তিস্বাৰ্থৰ বাবে আছুৰ নামত সংগঠন খুলিব বিচৰাক লৈও ব্যাপক প্ৰতিক্ৰিয়া হৈছে।সেয়ে আজি ডিব্ৰুগড় আছু কাৰ্য্যালয়ৰ শ্বহীদ ন্যাসত,সংগঠন খুলিব বিছৰা প্ৰাক্তন ছাত্ৰ নেতাক মাতি পঠোৱাত আলোচনাৰ সময়তে আছু আৰু প্ৰাক্তন আছু কৰ্মীৰ মাজত দুৰ্বাদল কাজিয়াত লিপ্ত হয়।ডিব্ৰুগড়ৰ আছু নেতা অৱনি গগৈ আৰু বুলবুল দত্তৰ লগতে জিলাৰ আছু কৰ্মীসকলে প্ৰাক্তন বহি:স্কৃত ছাত্ৰ নেতা হিতেশ্বৰ ফুকনক দালাল আখ্যা দি কোনো কালেই আছুৰ বিকল্প সংগঠন খুলিবলৈ দিয়া নহব বুলি স্পষ্ট কৰি দিয়ে।আনহাতে ডিব্ৰুগড়ৰ টেঙাখাটতো আজি টেঙাখাট আঞ্চলিক ছাত্র সন্থাৰে বাক-বিতণ্ডাৰ সৃষ্টি হয়।একালৰ প্ৰাক্তন আছু নেতা কমলেশ ডেকাৰ নেতৃত্বত আজি টেঙাখাটত অনুষ্ঠিত হ’বলগীয়া প্ৰাক্তন আছু কৰ্মীৰ সভাখনত আহ্বায়কৰূপে আছিল আছুৰ পৰা বহিস্কাৰ হোৱা হিতেশ্বৰ ফুকন, দিগন্ত শইকীয়া, প্ৰফুল্ল গগৈ, মধু কুমাৰ গগৈ, শৰৎ কোঁৱৰ , ৰাজুমণি গগৈ, তীৰ্থ বৰুৱা, জমান সোনোৱাল, ভৱ হাজৰিকা, দুৰ্জ্জয় শইকীয়া আদিৰ নাম। ইফালে আহ্বায়কৰ দ্বিতীয় স্থানত ঋতুপৰ্ণ বৰুৱা হৈছে লাহোৱালৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমানৰ অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ। সমগ্ৰ অসমত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মীসকলৰ মঞ্চ গঠন প্ৰক্ৰিয়া চলি থকাৰ সময়তে ডিব্ৰুগড়তো জিলাৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ কৰ্মীসকলে এই মঞ্চ গঠনৰ বাবে আজি পুৱাৰ ভাগত গোপনে মিলিত হৈছিল টেঙাখাট মহাবিদ্যালয়ত।কিন্তু টেঙাখাট মহাবিদ্যালয় ছাত্ৰ একতা সভা আৰু টেঙাখাট মহাবিদ্যালয় আছু গোটে মহাবিদ্যালয়খনত প্ৰৱেশত বাধা প্ৰদান প্ৰদান কৰাৰ লগতে মহাবিদ্যালয়খনত ওলমাই দিয়ে তলা। ইয়াৰ পিছতে প্ৰাক্তন আছু নেতাৰ দলটোৱে টেঙাখাট ৰাজহুৱা প্ৰেক্ষাগৃহত সভা অনুষ্ঠিত কৰিবলৈ যো-জা চলাই থকাৰ সময়তে টেঙাখাট আঞ্চলিক ছাত্র সন্থাৰ এটা দলে টেঙাখাট ৰাজহুৱা প্ৰেক্ষাগৃহত উপস্থিত হৈ সভা অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰে।ইফালে একালৰ আছু নেতা তথা ডিব্ৰুগড়ৰ মনজিৎ বৰা আৰু সুৰজ দত্ত কোনোপধ্যেই উক্ত সংগঠনৰ সৈতে জৰিত নহয় বুলি সংবাদ মাধ্যমক স্পষ্ট কৰি দিছে।স্বাভাৱিকতেই আছুৰ একাংশ প্ৰাক্তন ছাত্ৰ নেতা-কৰ্মীয়ে এক নতুন অৰাজনৈতিক সংগঠন খুলি ভবিষ্যতে ৰাজনৈতিক মুনাফা লুটাৰ প্ৰচেষ্টা বুলিও সৰব চৰ্চা লভিছে।এতিয়া সময়েহে নিৰুপন কৰিব এইসকল প্ৰাক্তন ছাত্ৰ নেতাৰ ভবিষ্যত কোন দিশে ধাৱমান!
প্ৰেৰক বিভাস দুৱৰা