হাঁহি
আচৰিত নহ’ব যে হঁাহিও এবিধ সংক্রামক ৰোগ৷ জোৰকৈ মৰা খোলা হঁাহি এটাৰ সংক্রমণ ক্ষমতা কাহ, হঁচি আদিতকৈ বহুগুণে বেছি৷ অৱশ্যে আন বেমাৰৰ সংক্রমণে বিপদত পেলোৱাৰ বিপৰীতে হাঁহিয়ে অন্তৰংগতা আৰু সুখৰ অনুভৱ বঢ়াই তুলি সমৱেতসকলৰ মনবোৰক এডাল ডোলেৰে যেন বান্ধি পেলায়৷ কাৰণ এজনে তেনেকৈ হাঁহিলে আনজনেও হঁাহে৷ সংক্রামক এই উপকাৰী ব্যাধিটোৱে আপোনাৰ শৰীৰৰ প্রতিৰোধ ক্ষমতা শক্তিশালী কৰি তোলে, শক্তিৰ যোগান ধৰে, বিষ নিৰাময় কৰে আৰু ষ্ট্রেছৰ পৰা হোৱা আমনিৰ পৰা আপোনাক বহু পৰিমাণে সকাহ দিব পাৰে৷ হাঁহি হ’ল বিনা পইচাত পাব পৰা আৰু সহজে ব্যৱহাৰ কৰিব পৰা সুন্দৰ দৰব৷
– জোৰকৈ মৰা এটা হাঁহিয়ে প্রায় ৪৫ মিনিটলৈ আপোনাৰ পেশীসমূহক আৰাম দিব পাৰে৷
– ৰোগ প্রতিৰোধী ক্ষমতা বঢ়াই তোলে৷ ষ্ট্রেছ হৰম’ন কমাই প্রতিৰোধী কোষবোৰ ইনফেকচনৰ লগত যুঁজ কৰা এণ্টিব’ডী বঢ়াই তোলে৷
– এণ্ড’ম’ৰফিনৰ নিঃসৰণ বৃদ্ধি কৰি মনটোক উৎফুল্লিত কৰি ৰখাত সহায় কৰে৷
– তেজ পৰিবাহী নলিকাবোৰৰ কার্যক্ষমতা বৃদ্ধি কৰি তেজ পৰিবহণ উন্নত কৰি হার্ট এটেকৰ সম্ভাৱনা হ্রাস কৰে৷
– উদ্বিগ্ণতা, খং, দুখ দূৰ কৰে৷
– হাঁহিবলৈ আপুনি বিভিন্ন উপায়ৰ আশ্রয় ল’ব পাৰে৷
– আগত কওক৷ (সামান্য অতিৰঞ্জন দোষণীয় নহয়)৷
– বেয়া লগা পৰিৱেশ বা ঘটনাতো হাঁহিৰ খোৰাক বিচাৰিবলৈ যত্ন কৰক৷ (কেৰিকেচাৰ কৰিব পাৰে৷)
– শোৱনি কোঠাৰ বেৰত, কম্পিউটাৰ বা ম’বাইলৰ স্ক্রীন ছেভাৰত হাঁহি উঠা ফটো লগাওক৷
– জীৱনত ঘটা বহু বিষয়েই আমাৰ নিয়ন্ত্রণৰ বাহিৰত৷ গতিকে সেই কথাবোৰৰ বিষয়ে দকৈ চিন্তা নকৰি হাঁহিবলৈ আৰম্ভ কৰক৷ কথমপি গ’ল, নহ’লে ৰোনাল্ডিনহোৱে যিদৰে হাঁহে সেইদৰে হাঁহক৷
– সকলো সময়তে হাঁহক, অন্ততঃ হাঁহিমুখীয়া হৈ থাকক৷