পয়গম্বৰক অপমানৰ পাছত ভাবমূৰ্তি ৰক্ষাৰ চেষ্টা, আৰিফ মহম্মদ হ’ব পাৰে মোদীৰ ‘কালাম’
বিশেষ বাৰ্তা, ১০ জুনঃ বৰ্তমানে তেওঁ কেৰালাৰ ৰাজ্যপাল। যোৱা কিছুদিন ধৰি দিল্লীৰ ক্ষমতাৰ মছনদত চর্চা চলিছে কেৰালাৰ ৰাজ্যপাল আৰিফ মহম্মদ খানক দেশৰ পৰৱর্তী ৰাষ্ট্রপতি অথবা উপ ৰাষ্ট্রপতি পাতিব পাৰে নৰেন্দ্র মোদীয়ে। বৃহস্পতিবাৰে দুপৰীয়া নির্বাচন আয়োগে ৰাষ্ট্রপতি নির্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে পুনৰ তেওঁৰ নাম আলোচনা হৈছে। তাতেই সংযুক্ত হৈছে দেশৰ বৰ্তমানৰ পৰিস্থিতি। বিজেপি মুখপাত্রই পয়গম্বৰৰ বিৰুদ্ধে অপমানকসূচক মন্তব্য কৰাক লৈ দেশে-বিদেশে সমালোচনাৰ সম্মুখীন হৈছে ভাৰত চৰকাৰ। প্রধানমন্ত্রীৰ নীৰৱতাক লৈ সৰৱ বিৰোধী। এনে পৰিস্থিতিত গোটেই বিশ্বক, বিশেষকৈ আৰৱ বিশ্বক বার্তা দিবলৈ আৰিফ মহম্মদ খানক ৰাষ্ট্রপতি বা উপৰাষ্ট্রপতি নিৰ্বাচিত কৰি সমালোচনাৰ উত্তৰ আৰু ভাবমূর্তি ঠিক কৰিব পাৰে মোদীয়ে। ২০০২ চনত তদানীন্তন বিজেপি প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে ৰাষ্ট্রপতি প্রার্থী কৰিছিল মহান বিজ্ঞানী ডঃ এপিজে আব্দুল কালামক। গতিকে চৰ্চা অনুসৰি, আৰিফ হ’ব পাৰে মোদীৰ কালাম। ৰাষ্ট্রপতি তথা উপৰাষ্ট্রপতি পদত বিজেপিৰ ভাবনাত এইবাৰ মহিলা তথা আদিবাসী প্রার্থীও ৰৈছে।