নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত মুকলি কৰা হ’ল পোহনীয়া জীৱ-জন্তুৰ হেলথ কেয়াৰ আৰু ডায়গনষ্টিক চেণ্টাৰ

নিয়মীয়া বাৰ্তা, ১৬ জুন : গুৱাহাটীৰ ভেটাপাৰা চাৰিআলিত আজি কেইবাজনো বিশিষ্ট চিকিৎসকৰ উপস্থিতিত পোহনীয়া জীৱ-জন্তুৰ বিভিন্ন চিকিৎসাৰ বাবে ‘ভেট গেলেক্সি’ নামেৰে এটি হেলথ কেয়াৰ আৰু ডায়গনেষ্টিক কেন্দ্ৰ মুকলি কৰা হয়। ভেট গেলেক্সি কেন্দ্ৰটো মুকলি কৰে পশু চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ ভবেন বৈশ্যই আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডাঃ নৱকুমাৰ শৰ্মা, ডাঃ কবিতা শৰ্মা, ডাঃ চন্দন সিং, ডাঃ ছৈয়দ আৰিফ, ডাঃ ছাবিনা য়াচমিন, ডাঃ চয়ানিকা দাস, ডাঃ প্ৰিয়া মুক্তান, ডাঃ অৰ্পিতা ভৰালী, ডাঃ লুকু বুঢ়াগোহাঁই, ডাঃ স্নেহাংশু সিনহা আৰু অলি ডেকা সিনহা। এই ‘ভেট গেলেক্সী’ চেণ্টাৰটোত পোহনীয়া কুকুৰ, মেকুৰীকে ধৰি বিভিন্ন জীৱ-জন্তুৰ উন্নত চিকিৎসা, তেজৰ নমুনা পৰীক্ষাৰ লগতে অস্ত্ৰোপচাৰো ব্যৱস্থা কৰিছে। তদুপৰি চেণ্টাৰটোত সকলো বিভাগৰে বিশেষজ্ঞ চিকিৎসক থাকিব। এতিয়াৰে পৰা পশুপ্ৰেমীলোকসকলে পোহনীয়া জীৱ-জন্তুৰ সকলো ধৰণৰ চিকিৎসাৰ ক্ষেত্ৰত এই চেণ্টাৰটোৰ পৰা যথেষ্ট উপকৃত হ’ব বুলি জানিবলৈ দিছে ‘ভেট গেলেক্সি হেলথ কেয়াৰ আৰু ডায়গনষ্টিক চেণ্টাৰ’ৰ সঞ্চালক ডাঃ বৰিষ্ঠা বৰা সিনহাই।

প্ৰেৰক : অজয় শইকীয়া

You might also like