অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ’ব অম্বুবাচী মেলা
নিয়মীয়া বাৰ্তা, ১৮ জুন: নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হোৱা বান পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি এইবাৰ অম্বুবাচী মেলা অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ অহা ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ’বলগীয়া অম্বুবাচীৰ সময়ত কেৱল ধর্মীয় ৰীতি–নীতিহে পালন কৰা হ’ব৷ এই কথা সদৰী কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
এখন সংবাদ মেলত সাংবাদিকে সোধা প্রশ্নৰ উত্তৰত তেওঁ কয় যে অম্বুবাচী ক’ভিডৰ সময়ত যিদৰে অনুষ্ঠিত কৰা হৈছিল, এইবাৰো ঠিক সেইধৰণেই অনুষ্ঠিত কৰা হ’ব৷ সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ভক্তসকলক কামাখ্যালৈ অম্বুবাচীৰ সময়ত নাহিবলৈ আহ্বান জনাই তেওঁ কয়– ‘যদি অম্বুবাচীৰ দিনকেইটাত বৰষুণ দিয়ে, তেনেহ’লে সেয়া আমাৰ নিয়ন্ত্রণৰ বাহিৰলৈ যাব৷ সেয়েহে ভক্তসকলক আমি অনুৰোধ কৰিছোঁ যে আপোনালোক অম্বুবাচীৰ সময়ত কামাখ্যালৈ নাহিব৷ ক’ভিডৰ সময়ত যেনেদৰে আপোনালোক নহাকৈ আছিল, এইবাৰো আপোনালোক নহাকৈয়ে থাকক৷ কামাখ্যালৈ যোৱা পথত ভূমিস্খলন হৈছে৷ যদিহে এইদৰে বৰষুণ চলি থাকে, তেনেহ’লে বর্তমান ব্যৱহাৰ কৰি থকা পথছোৱাত কি হয়, সেয়া কোনেও ক’ব নোৱাৰে৷ তদুপৰি মালিগাঁৱত উৰণীয়া সেতু নির্মাণৰ কাম চলি আছে৷ সেয়েহে এইবাৰ ভক্তসকল অহাৰ বাবে ভাল সময় নহয়৷’
আনহাতে, চৰকাৰে কোনোধৰণৰ মেলা অনুষ্ঠিত নকৰে বুলি উল্লেখ কৰি তেওঁ কয় যে অম্বুবাচীৰ সময়ত অহা ভক্তসকলক থকা–খোৱাৰ ব্যৱস্থাহে চৰকাৰৰ ফালৰ পৰা কৰা হয়৷