আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক বিদায় দঃ আফ্ৰিকাৰ অলৰাউণ্ডাৰ বেৰ্নোন ফিলেণ্ডাৰৰ
নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ সোমবাৰে ৩৪ বছৰীয়া দক্ষিণ আফ্ৰিকাৰ বেগী ব’লাৰ বেৰ্নোন ফিলেণ্ডাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে ।
২০১১ চনত দক্ষিণ আফ্ৰিকা দলত স্থাল লাভ কৰা ফিলেণ্ডাৰে তেওঁৰ কেৰিয়াৰৰ অন্তিমখন মেচ ইংলেণ্ডৰ বিৰুদ্ধে খেলে ।
দক্ষিণ আফ্ৰিকাৰ হৈ এই অলৰকাউণ্ডাৰগৰাকীয়ে এই পৰ্যন্ত ৬৪ খন টেষ্ট মেচ খেলিছে । য’ত তেওঁ ২২৪ টা উইকেট দখল কৰাৰ বিপৰীতে ১৭৭৯ ৰানৰ বৰঙণি আগবঢ়াইছে । ইয়াৰোপৰি দেশৰ হৈ তেওঁ ৩০ খন এদিনীয়া আৰু ৭ খন টি-২০ মেচ খেলিছে ।
উল্লেখ্য যে ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাটোৰ আৰম্ভণিতেই দক্ষিণ আফ্ৰিকাৰ এই খেলুৱৈজনে তেওঁৰ অৱসৰৰ কথা প্ৰকাশ কৰিছিল ।
ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত চতুৰ্থ টেষ্টৰ অন্তিম দিনা ফিলেণ্ডাৰক মমেণ্ট’ দি সন্মানিত কৰা হয় ।
? 64 Tests
? 224 wickets
? 13 five-wicket haulsCongratulations on a terrific Test career, @VDP_24! pic.twitter.com/L0OEfskcBN
— ICC (@ICC) January 27, 2020