নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ মঙলবাৰে বিএছএফৰ সূত্রই জনাইছে যে, জম্মু জিলাৰ আৰনিয়া চেক্টৰত আন্তঃৰাষ্ট্ৰীয় সীমান্তত এখন কম উজনৰ ড্রোণ উদ্ধাৰ কৰা হৈছে।
ইয়াৰ পাছতে ড্ৰোণখনৰ গৰাকীক বিচাৰি ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে বিএছএফে।
ইফালে গৰাকীবিহীন এই ড্ৰোণখন কেনেকৈ আহি সীমান্ত অঞ্চলত পালেহি তাক লৈও বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে ।