ঢাকাত অসম চৰকাৰৰ হস্ততাঁত মেলা
নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ প্রতিৱেশী ৰাষ্ট্র বাংলাদেশৰ ৰাজধানী ঢাকাত কালিৰে পৰা অসম চৰকাৰৰ উদ্যোগত আৰম্ভ হৈছে চাৰিদিনীয়া এক আন্তঃৰাষ্ট্রীয় হস্ততাঁত বস্ত্রশিল্প মেলা৷ অসম চৰকাৰৰ হস্ততাঁত বস্ত্রশিল্প সঞ্চালকালয়ৰ উদ্যোগত আয়োজিত এই মেলাত অসমত প্রস্তুত হোৱা মেখেলা–চাদৰ, গামোচা, চেলেং চাদৰ, ৰেডিমেড বস্ত্র, জেকেট আৰু কোট প্রদর্শন কৰা হৈছে৷
অহা ৩১ জানুৱাৰীলৈ চলিবলগীয়া আন্তঃৰাষ্ট্রীয় হস্ততাঁত শিল্প আৰু বস্ত্রমেলাত মুঠ ১৪খন বিপণী স্থাপন কৰা হৈছে৷ দৈনিক পুৱা ১১ বজাৰ পৰা নিশা ৭ বজা পর্যন্ত প্রদর্শনীৰ কার্যসূচী চলিব৷ বাংলাদেশৰ জনসাধাৰণৰ সন্মুখত অসমৰ চহকী ঐতিহ্য–সংস্কৃতি প্রদর্শন কৰাৰ উদ্দেশ্যে এই মেলাৰ আয়োজন কৰা হৈছে৷