নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ দেশৰ ৰাজধানী নতুন দিল্লীৰ শ্বাহীনবাগত চলি থকা নাগৰিকত্ব সংশোধনী আইনবিৰোধী প্রতিবাদক কেন্দ্র কৰি বিজেপিয়ে বিতর্কিত মন্তব্য কৰি থকাৰ সময়তে এইবাৰ কেন্দ্রীয় মন্ত্রী গিৰিৰাজ সিঙে শ্বাহীনবাগ প্রতিবাদস্থলীক আট্টাৰি–ৱাগাহ সীমান্ত বুলি অভিহিত কৰিছে৷
জি নিউজৰ মুখ্য সম্পাদক সুধীৰ চৌধাৰীক আৰক্ষীৰ বেৰিকেড অতিক্রম কৰি প্রতিবাদৰ সংবাদ পৰিৱেশন কৰাৰ ক্ষেত্রত বাধা দিয়া ঘটনাৰ পিছতেই এই মন্তব্য আগবঢ়াইছে কেন্দ্রীয় মন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে৷
উল্লেখনীয় যে প্রতিবাদকাৰীসকলে জি নিউজৰ মুখ্য সম্পাদকগৰাকীক শ্বাহীনবাগত প্রৱেশৰ ক্ষেত্রত বাধা প্রদান কৰিছিল৷
কালি এই ঘটনা সংঘটিত হোৱাৰ পিছতেই বিভিন্ন মহলত সৃষ্টি হৈছে প্রতিক্রিয়া৷
উল্লেখনীয় যে শ্বাহীনবাগত গৰিষ্ঠসংখ্যক প্রতিবাদকাৰীয়েই হৈছে মহিলা৷ সুদীর্ঘ ৫০ দিন ধৰি মহিলাসকলে শ্বাহীনবাগত অৱস্থান গ্রহণ কৰি আছে৷ ছ’চিয়েল মিডিয়া টুইটাৰযোগে গিৰিৰাজ সিঙে নিজৰ প্রতিক্রিয়া প্রকাশ কৰি কয় যে শ্বাহীনবাগৰ প্রতিবাদস্থলী আৰু ভাৰত, পাকিস্তানৰ আট্টাৰি–ৱাগাহ সীমান্তৰ মাজত সাদৃশ্য আছে৷ শ্বাহীনবাগৰ প্রতিবাদকাৰী সকল সীমান্তৰ সিপাৰে আছে নেকি বুলিও প্রশ্ন অৱতাৰণা কৰিছে মন্ত্রী গিৰিৰাজ সিঙে৷
উল্লেখনীয় যে শ্বাহীনবাগলৈ দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল আৰু উপ–মুখ্যমন্ত্রী মনীশ শিশোদিয়াই ভিছা প্রদান কৰে বুলিও কটাক্ষ কৰিছে মন্ত্রীগৰাকীয়ে৷ স্মর্তব্য যে শ্বাহীন বাগক লৈ এতিয়া দিল্লীত বিভিন্ন দলৰ নেতাসকলৰ মাজত চলি আছে বাক্–বিতণ্ডা৷