নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিবাদকাৰীয়ে ঘৰত সোমাই ধর্ষণ কৰিব মাতৃ–ভগ্নীক; বিজেপি সাংসদ বার্মাৰ বিতর্ক

নিয়মীয়া বার্তা, ২৯ জানুৱাৰীঃ কেন্দ্রীয় মন্ত্রী অনুৰাগ ঠাকুৰে নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী মন্তব্যৰে বিতর্ক সৃষ্টি কৰাৰ এদিন পিছতেই অন্য এগৰাকী বিজেপি নেতাই এই আইনখনৰ বিৰুদ্ধে প্রতিবাদ চলাই থকা লোকসকলৰ বিৰুদ্ধে অভব্য মন্তব্য কৰি বিভিন্ন মহলত সৃষ্টি কৰিছে প্রতিক্রিয়া৷

পশ্চিমবংগৰ বিজেপিৰ সাংসদ পাৰভেজ বার্মাই মন্তব্য কৰিছে যে আগন্তুক ৮ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া দিল্লী বিধানসভা নির্বাচনত ভোটাৰসকলে বিজেপিক ক্ষমতালৈ অহাৰ সুযোগ দিলে এদিনতে শ্বাহীন বাগ মুক্ত কৰা হ’ব৷

আম আদমী পার্টী (আপ)ৰ বাবে শ্বাহীন বাগৰ প্রতিবাদ চলি থকা বুলি অভিযোগ কৰিছে সাংসদগৰাকীয়ে৷ এই প্রসংগতে কাশ্মীৰ, কেৰালা, উত্তৰ প্রদেশ, হায়দৰাবাদৰ কথা উল্লেখ কৰি প্রতিবাদকাৰীয়ে মাতৃ–ভগ্নীক ধর্ষণ কৰা বুলি অভিযোগ কৰিছে নেতাগৰাকীয়ে৷ এতিয়া দিল্লীৰ এটা মূৰত প্রতিবাদকাৰীয়ে অনুৰূপ কার্যৰ বাবে সাজু হৈছে৷ দিল্লীত যাতে এই প্রতিবাদকাৰীসকলে ঘৰত সোমাই মাতৃ–ভগ্নীক ধর্ষণ কৰিব নোৱাৰে তাৰ সিদ্ধান্ত ল’বলৈ হ’লে আজিয়েই দিল্লীবাসীয়ে চিন্তা কৰা উচিত বুলিও মন্তব্য কৰে বার্মাই৷

You might also like