নিয়মীয়া বাৰ্তা,২৯ জানুৱাৰীঃ খাদ্যৰ সন্ধানত আমচাং অভয়াৰণ্যৰ পৰা ওলাই অহা বন্যহস্তীৰ এটা বৃহৎ জাকে চন্দ্রপুৰ অঞ্চলৰ অন্তর্গত পাণবাৰীৰ গৰৈমাৰী বিলত মুক্ত বিচৰণেৰে অৱস্থান লৈ থকাত পাণবাৰীৰ গঞা ৰাইজ আতংকিত হৈ পৰিছে ৷ প্রায় ৩০–৩২জনীয়া বন্যহস্তীৰ জাকটোৰ উপস্থিতি জানিব পাৰিও বনাঞ্চললৈ খেদি পঠিওৱাৰ বাবে অসহায় হৈ পৰিছে ৷ জানিব পৰা মতে, যোৱানিশা প্রায় ১১–১২ বজাত প্রায় ২০জনীয়া বন্যহস্তীৰ দলে খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি আহে ৷ পিছত বন্যহস্তীৰ জাকটোৱে খাদ্য বিচাৰি বিচাৰি ৰে’লআলি পাৰ হৈ গৰৈমাৰী বিলৰ দাঁতিকাষৰীয়া ঘন হাবিত সোমাই পৰে৷ পৰৱর্তী সময়ত ১০–১২টা বন্যহস্তীৰ জাক এটা পুনৰ ৰে’লআলি পাৰ হৈ একেটা স্থানতে সোমাই পৰে ৷ উপায়হীন হৈ স্থানীয় ৰাইজে বন্যহস্তীৰ জাকটো অৱস্থানৰ কথা বন বিভাগক অৱগত কৰাত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জাকটো বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা চলাই যদিও নিশা গভীৰ আৰু ঘন হাবিত বন্যহস্তীৰ জাকটো সোমাই পৰাত খেদি পঠিয়াবলৈ সক্ষম নহ’ল৷ যোৱানিশাৰ পৰাই বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত আছে যদিও আজি সন্ধিয়ালৈ বন্যহস্তীৰ জাকটোৰ গতিবিধি নিৰীক্ষণ কৰাৰ পিছতহে বন্যহস্তীৰ জাকটোক বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা চলাব৷ এনেদৰে দুটা দিন বন্যহস্তীৰ জাকটো অৱস্থান কৰি থকাত পাণবাৰী অঞ্চলবাসীৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ আজি নিশা পাণবাৰী অঞ্চলত যাতে বন্যহস্তীৰ জাকটোৱে কোনো উপদ্রৱ চলাব নোৱাৰে তাৰ প্রতি লক্ষ্য ৰাখি ৰাইজেও হাতে হাতে লাঠী–জোং–ফটকা আদি লৈ পহৰাৰ ব্যৱস্থা কৰিছে ৷