নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৬ কোটি কৃষকলৈ ১২ হাজাৰ কোটি

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ দেশৰ ৬ কোটি কৃষকৰ বেংক একাউণ্টলৈ চলিত মাহৰ আৰম্ভণিতে ১২ হাজাৰ কোটি টকা প্রত্যক্ষভাৱে হস্তান্তৰিত কৰা হৈছে ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মঙলবাৰে গুজৰাটত অনুষ্ঠিত তৃতীয় বার্ষিক গোলকীয় শস্য সন্মিলনত এই তাৎপর্যপূর্ণ কথা ঘোষণা কৰে ৷ তেওঁ কয় যে চলিত মাহৰ আৰম্ভণিতে দেশৰ মুঠ ৬ কোটি কৃষকৰ বেংক একাউণ্টলৈ ১২ হাজাৰ কোটি টকা প্রত্যক্ষভাৱে হস্তান্তৰিত কৰি এক নতুন অভিলেখ ৰচনা কৰা হৈছে ৷ অনুষ্ঠানত তেওঁ লগতে কয় যে দেশৰ কৃষকৰ কঠোৰ পৰিশ্রম আৰু চৰকাৰী নীতিৰ বাবে ভাৰত এতিয়া বিশ্বৰ শীর্ষ তিনি খাদ্যশস্য আৰু খাদ্য–সামগ্রী উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে ৷

You might also like