নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শদিয়া মহকুমাত “আজাদী কা অমৃত” মহোৎসৱ উপলক্ষে কুইজ, ৰচনা আৰূ চিত্ৰাঙ্কণ প্ৰতিযোগিতা

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট: ভাৰতবৰ্ষৰ  ৭৫ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে  দেশ জুৰি উদযাপন কৰি থকা “আজাদী  কা অমৃত “মহোৎসৱ ৰ অংশ স্বৰুপে  চৰকাৰে গ্ৰহণ কৰা “হৰ ঘৰ ত্রিৰংগা ” কাৰ্য্যসূচী  সফল ৰুপায়নৰ অৰ্থে আজি শদিয়া ৰাজহ চক্ৰ বিষয়া  আৰু মহকুমা প্ৰশাসনৰ যুটীয়া উদ্যোগত মহকুমাধিপতি কাৰ্য্যালয় সভা কক্ষত মহকুমাতোৰ বিভিন্ন বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণী লৈ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এখনি কুইজ, ৰচনা আৰূ ছবি অঁকা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।
কুইজ প্ৰতিযোগিতাত প্ৰথম স্হান দখল কৰে শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়,ছবি অকাত প্ৰথম স্থান লাভ কৰে  দুই নং চপাখোৱা  প্ৰাৰ্থমিক বিদ্যালয় আৰু ৰচনা প্ৰতিযোগিতাত  প্ৰথম স্হান দখল কৰে উজনি শদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে।প্ৰতিযোগি সকলক মহকুমা প্ৰশাসনৰ  তৰফৰ পৰা ট্ৰফী আৰু প্ৰমান পত্রৰে পুৰস্কৃত কৰা হয়।
প্ৰতিযোগিতা খন পৰিচালনা কৰে  সহকাৰী আয়ুক্ত প্ৰিয়মজ্যোতি ফুকন আৰু কমল বৰাই ।কুইজ  প্ৰতিযোগিতা খন আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে অতিৰিক্ত উপায়ুক্ত তথা শদিয়াৰ মহকুমাধিপতি অনুপম ডেকাই  প্ৰতিযোগিসকলক পুৰষ্কাৰসমুহ প্ৰদান কৰে ক্ৰমে শদিয়াৰ জিলা আৰক্ষী অধীক্ষক পুস্কিন জৈন,অতিৰিক্ত উপায়ুক্ত তথা শদিয়াৰ মহকুমাধিপতি অনুপম ডেকা, সহকাৰী আয়ুক্ত প্ৰিয়মজ্যোতি ফুকন, ৰাজহ চক্ৰ বিষয়া  বৰ্ষা দুৱৰা আৰু চপাখোৱা পৌৰ সভাৰ সভানেত্রী বিচন্দ্ৰাঅৱতী সোনোৱালে। কুইজ প্ৰতিযোগিতা খনিত সহকাৰী আয়ুক্ত  মাধুৰ্য্য বুঢ়াগোহাঁই আৰু সজীৱ দাসো উপস্থিত আছিল বুলি জনসংযোগ বিভাগৰ এক প্ৰেছ বাৰ্তাত প্ৰকাশ ।
You might also like