বিশেষ বাৰ্তা, ১৮ আগষ্টঃ কংগ্রেছৰ শীর্ষ নেতাৰ বিৰুদ্ধে মুকলি বিদ্রোহ জ্যেষ্ঠ নেতা গোলাম নবী আজাদৰ৷ কেন্দ্রীয়শাসিত অঞ্চল জম্মু–কাশ্মীৰৰ নির্বাচন প্রচাৰ সমিতিৰ অধ্যক্ষ হিচাপে শীর্ষ নেতৃত্বই নিযুক্তি দিয়াৰ কেইঘণ্টামানৰ পিছতে পদটিৰ পৰা পদত্যাগ কৰিলে জ্যেষ্ঠ নেতা গোলাম নবী আজাদে৷ অকল নির্বাচন প্রচাৰ সমিতিৰ পৰাই নহয়, জম্মু–কাশ্মীৰ ৰাজনৈতিক পৰিক্রমা সমিতিৰ পৰাও পদত্যাগ কৰিলে আজাদে৷ দলৰ সভাপতি পদটি গান্ধী পৰিয়ালৰ বাহিৰৰ লোকক দিয়াৰ সপক্ষত ছোনিয়া গান্ধীলৈ পত্র লিখি বিদ্রোহ কৰা কংগ্রেছৰ জি–২৩ গোটৰ অন্যতম নেতা গোলাম নবী আজাদে শীর্ষ নেতৃত্বই তেওঁক জম্মু–কাশ্মীৰৰ প্রচাৰ সমিতি আৰু ৰাজনৈতিক পৰিক্রমা সমিতিৰ অন্তর্ভুক্ত কৰি তেওঁক হেয় কৰা বুলি অভিযোগ তুলি পদত্যাগ কৰিছে৷ উল্লেখ্য যে প্রবীণ নেতা গোলাম নবী আজাদে জম্মু–কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রীৰ উপৰি কেন্দ্রীয় চৰকাৰত কেইবাবাৰো মন্ত্রিত্বৰ পদ শুৱনি কৰিছিল৷ আনকি দলটোৰ সর্বভাৰতীয় ৰাজনৈতিক পৰিক্রমা কমিটীৰো তেওঁ এগৰাকী সদস্য৷ এনে পদবীত কার্যনির্বাহ কৰাৰ পিছত কেন্দ্রীয়শাসিত অঞ্চলটোৰ দুখন কমিটীত অন্তর্ভুক্ত কৰাটো তেওঁৰ বাবে অপমানজনক হিচাপে গণ্য কৰি কমিটী দুখনৰ পৰা পদত্যাগ কৰে৷ উল্লেখ্য যে সংবিধানৰ অনুচ্ছেদ ৩৭০ প্রত্যাহাৰেৰে জম্মু–কাশ্মীৰৰ পূর্ণাংগ ৰাজ্যৰ মর্যাদা কর্তন কৰি জম্মু–কাশ্মীৰ আৰু লাডাখ নামেৰে দুটা কেন্দ্রীয়শাসিত অঞ্চল গঠন কৰাৰ পিছত জম্মু–কাশ্মীৰত এতিয়ালৈকে নির্বাচন অনুষ্ঠিত হোৱা নাই৷ ভোটাৰ তালিকা প্রস্তুত আৰু সমষ্টি নির্ধাৰণৰ কাম সম্পূর্ণ হোৱাৰ লগে লগে চলিত বর্ষৰ শেষৰ ফালে নির্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ তাৰ প্রতি লক্ষ্য ৰাখিয়েই কংগ্রেছ নেতৃত্বই কেন্দ্রীয়শাসিত অঞ্চলটোত সাংগঠনিক স্থিতি শক্তিশালী কৰিবলৈ পদক্ষেপ গ্রহণ কৰিছে৷ গোলাম নবী আজাদৰ ঘনিষ্ঠ গোলাম আহমেদ মিৰক জম্মু–কাশ্মীৰৰ কংগ্রেছৰ মুৰব্বী পদৰ পৰা অপসাৰণ কৰাৰ পিছতেই গোলাম নবী আজাদেও শীর্ষ নেতৃত্বৰ বিৰুদ্ধে মুকলি বিদ্রোহ কৰি কমিটী দুখনৰ পৰা পদত্যাগ কৰিছে৷ আজাদৰ পদত্যাগ কংগ্রেছৰ বাবে মোক্ষম আঘাত৷
Prev Post
You might also like