নিয়মীয়া বার্তা, ২৬ আগষ্টঃ অবৈধ ধনৰ লেনদেনৰ গোচৰ সন্দর্ভত নিজে দিয়া নির্দেশ পুনৰ বিবেচনা কৰা হ’ব বুলি ঘোষণা কৰিছে উচ্চতম ন্যায়ালয়ে৷ বৃহস্পতিবাৰে ন্যায়ালয়ে উল্লেখ কৰিছে যে পূর্বৰ ৰায়ৰ দুটা দিশ পুনৰ বিবেচনা কৰি চোৱা হ’ব৷ উল্লেখনীয় যে এই গোচৰত ইডিৰ ক্ষমতা বৃদ্ধি কৰি উচ্চতম ন্যায়ালয়ে জনাইছিল যে কোনো ব্যক্তিক গ্রেপ্তাৰ কৰাৰ পূর্বে সেই ব্যক্তিক এজাহাৰৰ কপী দিবলৈ বাধ্য নহয় ইডিৰ বিষয়ববীয়া৷ এই বিষয়টো পুনৰ বিবেচনা কৰাৰ সিদ্ধান্ত লৈছে ন্যায়ালয়ে৷