নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন কেমেৰাত পাকিস্তানী সন্ত্রাসবাদী জম্মু–কাশ্মীৰৰ ভূমিত অনুপ্রৱেশৰ দৃশ্য

নিয়মীয়াবার্তা, ২৭আগষ্ট: জম্মু–কাশ্মীৰৰ উৰিত এল’চিৰে তিনি পাকিস্তানী সন্ত্রাসবাদী ভাৰতীয় ভূমিত অনুপ্রৱেশৰ দৃশ্য ভিডি’ত বন্দী হৈছে৷ অন কেমেৰাত বন্দী হোৱা তিনি সন্ত্রাসবাদী ভাৰতীয় ভূমিত অনুপ্রৱেশ কৰাৰ পিছতেই সেনাৰ গুলীত তিনিওটা সন্ত্রাসবাদী নিহত হৈছে৷ কালি ভাৰতীয় সেনাই এল’চিৰে জম্মু–কাশ্মীৰৰ ভূমিত অনুপ্রৱেশ কৰা তিনি পাকিস্তানী সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰাৰ পিছত আজি কেমেৰাত বন্দী হোৱা সন্ত্রাসবাদীৰ দৃশ্য প্রচাৰ কৰিছে৷ সীমান্তত সেনাই স্থাপন কৰা ইলেক্ট্রনিকছ ছার্ভিলেঞ্চ সঁজুলিত পাকিস্তানী সন্ত্রাসবাদী অনুপ্রৱেশ কৰাৰ দৃশ্য বন্দী হৈছে৷ সেনাই পাকিস্তানী সন্ত্রাসবাদীৰ অনুপ্রৱেশৰ দৃশ্য কেমেৰাত বন্দী হোৱাৰ পিছতেই সেই দৃশ্য অনুকৰণ কৰি সীমান্তত অভিযান আৰম্ভ কৰে আৰু তিনিও সন্ত্রাসবাদীক সেনাই গুলীয়াই হত্যা কৰিবলৈ সক্ষম হয়৷

ঘটনাস্থলীৰ পৰা অভিযানকাৰী সেনাই দুটা একে–৪৭ ৰাইফল, এটা চায়নীজ এম–১৬ ৰাইফল আৰু আন আন সামগ্রী উদ্ধাৰ কৰে৷ মন কৰিবলগীয়া যে কেমেৰাত বন্দী হোৱা দৃশ্যটোৰ পৰা সেনাই এই কথা নিশ্চিত কৰে যে এল’চিৰে তিনি পাকিস্তানী সন্ত্রাসবাদী ২৫ আগষ্টৰ পুৱা ৮.৪৫ বজাত অনুপ্রৱেশ কৰে৷ এই দৃশ্যৰ আধাৰতেই সেনাই অভিযান আৰম্ভ কৰে আৰু সন্ত্রাসবাদী গোটৰ সৈতে মুখামুখিকৈ সংঘর্ষত লিপ্ত হয়৷ কেইবাঘণ্টা ধৰি সন্ত্রাসবাদী গোটৰ সৈতে সেনাৰ সংঘর্ষৰ সময়ত তিনিটা সন্ত্রাসবাদী নিহত হয়৷ বিয়লি প্রায় ২ বজাত সেনাৰ এই অভিযান সামৰণি পৰে৷ ভাৰতীয় সেনাৰ আধুনিকীকৰণৰ এক পদক্ষেপ হিচাপে সীমান্তত ইলেক্ট্রনিকছ ছার্ভিলেঞ্চ সঁজুলি স্থাপন কৰা হৈছে আৰু ইয়ে সন্ত্রাসবাদীবিৰোধী অভিযানত সহায় কৰিছে৷

You might also like