নিয়মীয়া বাৰ্তা, ২৯ আগষ্টঃ ২০৪৭ চনৰ ভিতৰত উন্নয়নশীলৰ পৰা উন্নত দেশৰ পর্যায়লৈ উন্নীত হ’ব ভাৰত৷ গুজৰাটৰ ভুজৰ এখন জনসভাত ভাষণ দি এই আশা ব্যক্ত কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ দুদিনীয়া গুজৰাট ভ্রমণৰ অন্তিম দিনা ভুজৰ জনসভাত মোদীয়ে কয় যে দেশত এতিয়াও বহু অভাৱ দৃশ্যমান হৈ আছে৷ কিন্তু ২০৪৭ চনৰ ভিতৰত ভাৰত যে উন্নত দেশ হৈ পৰিব, সেই কথা প্রধানমন্ত্রীগৰাকীয়ে উপলব্ধি কৰিব পৰা বুলি আজি ভাষণত উল্লেখ কৰে৷ ইয়াৰ উপৰি গুজৰাটক বদনাম কৰাৰ চেষ্টা চলিছিল বুলিও দাবী কৰে মোদীয়ে৷ যি সময়ত এটাৰ পাছত এটাকৈ প্রাকৃতিক বিপর্যয়ত বিধ্বস্ত হৈছিল গুজৰাট, সেই সময়ত ৰাজ্যখনক বদনাম কৰাৰ বিভিন্ন ষড়যন্ত্র চলিছিল বুলি উল্লেখ কৰি মোদীয়ে কয় যে ষড়যন্ত্রৰ উদ্দেশ্য আছিল গুজৰাটত বাহিৰৰ বিনিয়োগ বন্ধ কৰা৷ কিন্তু সেই সকলো ষড়যন্ত্রক উপেক্ষা কৰি শেষ পর্যন্ত গুজৰাটে উন্নয়নৰ নতুন পথ মুকলি কৰিবলৈ সক্ষম হোৱা বুলিও প্রধানমন্ত্রীগৰাকীয়ে মন্তব্য কৰে৷ প্রসংগতে কচ্চত বিশ্বৰ বৃহত্তম চিমেণ্ট কাৰখানা থকাৰ কথা উল্লেখ কৰে মোদীয়ে৷ এছিয়াৰ প্রথম বিশেষ অর্থনৈতিক অঞ্চল কচ্চত গঢ়ি তোলা হৈছে বুলিও প্রধানমন্ত্রীগৰাকীয়্ ভাষণত উল্লেখ কৰে৷ প্রসংগক্রমে পুৰণি দিনৰ স্মৃতি ৰোমন্থনত কচ্চত হোৱা ভূমিকম্পৰ ধ্বংসলীলাৰ কথাও উল্লেখ কৰে মোদীয়ে৷