বিশ্বৰ আটাইতকৈ বিধ্বংসী ছাবমেৰিন পালে ব্রিটিছ নৌসেনাই
নিয়মীয়া বাৰ্তা, ১ চেপ্তেম্বৰ: বিশ্বৰ অত্যাধুনিক তথা আটাইতকৈ বিধ্বংসী ছাবমেৰিন আনছনক নিজৰ নৌ বাহিনীত চামিল কৰিলে ব্রিটেইনে৷ দেশখনৰ ৰয়েল নেভীৰ এক অনুষ্ঠানত প্রধানমন্ত্রী বৰিছ জনছনৰ উপস্থিতিত কালি আনুষ্ঠানিকভাৱে ছাবমেৰিনখনৰ কাম আৰম্ভ কৰা হ’ল৷ এইচএমএছ আনছন নামৰ এই ছাবমেৰিনখন ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ১১ হাজাৰ কোটি টকাৰে নির্মাণ কৰা হৈছে৷ ছাবমেৰিনখন নির্মাণ কৰিবলৈ সময় লাগিছে ১১ বছৰ৷ ৭৮০০ টন ওজনৰ ছাবমেৰিনখনৰ দৈর্ঘ্য হৈছে ৩১৮ ফুট৷ পৰমাণু চুল্লী সংলগ্ণ ছাবমেৰিনখনত কোনো ইন্ধনৰ প্রয়োজন নহ’ব৷