বোকাখাতত সখী এক্সপ্ৰেছ আঁচনিৰ ৩৬ খন স্কুটী বিতৰণ কৃষি মন্ত্ৰী অতুল বৰাৰ
নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰ: বোকাখাতস্থিত নাট্যমন্দিৰত আয়োজিত এক অনুষ্ঠানত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ৰূপায়িত সখী এক্সপ্ৰেছ ২০২১-২২ বিত্তীয় বৰ্ষৰ আঁচনিৰ সৈতে জড়িত সামূহিক কৰ্মীসকলৰ মাজত আজি স্কুটী বিতৰণ কৰা হয়। আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ কৃষি, পশুপালন আৰু পশু চিকিৎসা আদি বিভাগৰ মন্ত্রী তথা বোকাখাত বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত অতুল বৰাদেৱে সৰ্বমুঠ ৩৬ খন স্কুটী বিতৰণ কৰে। এই স্কুটীসমূহ বেংক সখী, কৃষি সখী, পশু সখী, বীমা সখী, Community Resource Person -Enterprise Promotion (CRP-EP) আদিসকলৰ মাজত বিতৰণ কৰা হয়।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে সামূহিক কৰ্মীসকলক উদ্দেশ্য কৰি কয় যে, তেওঁলোক অনুঘটক হিচাপে চৰকাৰী আঁচনিসমূহৰ বিষয়ে ৰাইজৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কাম কৰিব লাগিব। এইক্ষেত্ৰত তেঁওলোকে নিজৰ দায়িত্ব সুচাৰুৰূপে আৰু নিয়াৰিকৈ পালন কৰিলে ৰাজ্যৰ উন্নয়ন দ্ৰুত আগবাঢ়িব। তদুপৰি সকলোকে সাৱধানে আৰু হেলমেট পৰিধান কৰি স্কুটী চলাবলৈ অনুৰোধ জনায় মন্ত্ৰীগৰাকীয়ে।
আজিৰ অনুষ্ঠানৰ আদৰণি ভাষণ আগবঢ়ায় গোলাঘাট অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰকল্প প্ৰবন্ধক মাধুৰ্য প্ৰসাদ বৰাই। পৌৰপতি ৰত্নেশ্বৰ বৰুৱা, গোলাঘাট ডিআৰডিএৰ প্ৰকল্প সঞ্চালক অবিনাশ শইকীয়া,বোকাখাতৰ চক্ৰ বিষয়া সৌভিক দত্ত, মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকা, গোলাঘাট পশ্চিম উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া পাৰ্থজিৎ গগৈ, আঞ্চলিক পঞ্চায়তৰ সভাপতি বিপিন দলে, সমাজকৰ্মী অনিমেষ শইকীয়া, জীৱেশ্বৰ হাজৰিকা প্ৰমুখ্যে পঞ্চায়তৰ প্ৰতিনিধিসকল আৰু হিতাধিকাৰীসকল আজিৰ অনুষ্ঠানত উপস্থিত থাকে।