ভাৰতৰ বিৰুদ্ধে মধুৰ প্রতিশোধ পাকিস্তানৰ; ছন্দলৈ ওভতাৰ ইংগিত কোহলিৰ
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ: মাত্র এসপ্তাহৰ পাছতে ভাৰতৰ বিৰুদ্ধে পৰাজয়ৰ মধুৰ প্রতিশোধ ল’লে পাকিস্তানে৷ চলিত এছিয়া কাপৰ গ্রুপৰ প্রথমখন মেচত টীম ইণ্ডিয়াৰ বিপক্ষে চিৰবৈৰী দলটো পৰাজিত হোৱাৰ পাছত কালি ছুপাৰ ফ’ৰৰ ৰোমাঞ্চকৰ মেচখনত আত্মসমর্পণ কৰিবলৈ বাধ্য হয় টীম ইণ্ডিয়া৷ গ্রুপৰ মেচখনত মহম্মদ ৰিজৱান আৰু মহম্মদ নৱাজে পাকিস্তানক অন্তিম মুহূর্তলৈ যুঁজত বর্তাই ৰাখিছিল৷ কালিও বেটাৰদ্বয়ে এটা সময়ত ভাৰতৰ সন্মুখত প্রত্যাহ্বান সৃষ্টি কৰিছিল আৰু শেহতীয়া বেটাৰসকলে শেষ হাঁহি মৰাত সফল হয়৷ শেষ পর্যন্ত ৰুদ্ধশ্বাস মেচখনত পাকিস্তানে ভাৰতক ৫ উইকেটত পৰাজিত কৰে৷ মেচখনত প্রথমে বেটিং কৰি ভাৰতে প্রাক্তন অধিনায়ক বিৰাট কোহলিৰ দর্শনীয় অর্ধশতৰানৰ সহায়ত ৭ উইকেটত ১৮১ ৰান সংগ্রহ কৰে৷ টি–২০ বিশ্বকাপৰ পূর্বে কোহলিয়ে ৪৪ বলত ৬০ ৰান কৰি ছন্দলৈ ওভতাৰ ইংগিত দিয়ে৷
হংকঙৰ বিৰুদ্ধে ৫৯ ৰান কৰি তেওঁ অপৰাজিত আছিল যদিও তাৰ প্রভাৱ পৰিলক্ষিত হোৱা নাছিল৷ কালি পাকিস্তানৰ বিৰুদ্ধে পুনৰ এটি দৃষ্টিনন্দন ইনিংছেৰে তেওঁ দক্ষতা পুনৰ প্রমাণিত কৰে৷ ইয়াৰ পূর্বে অ’পেনাৰ কে এল ৰাহুল আৰু অধিনায়ক ৰোহিত শর্মাই দলক সুন্দৰ আৰম্ভণি দিয়ে৷ দুয়োগৰাকী বেটাৰে দলৰ হৈ ২৮ ৰানকৈ বৰঙণি আগবঢ়ায়৷ সূর্যকুমাৰ যাদৱে ১৩, ঋষভ পণ্টে ১৪ আৰু দীপক হুদাই ১৬ ৰান সংগ্রহ কৰে৷ অৱশ্যে পাকিস্তানৰ বিপক্ষে প্রতিযোগিতাৰ প্রথমখন মেচৰ নায়ক হার্দিক পাণ্ডিয়াই কালি শূন্য ৰানতে বিদায় লয়৷ জয়লাভৰ বাবে কঠিন লক্ষ্য সন্মুখত লৈ বেটিং আৰম্ভ কৰা পাকিস্তানে অ’পেনাৰ মহম্মদ ৰিজৱান আৰু মহম্মদ নৱাজৰ বিধ্বংসী ৪২ ৰানৰ সহায়ত দলটোৰ আশা সজীৱ কৰি তোলে৷ ৰিজৱানে ৫১টা বলত ৭১ ৰান কৰাৰ বিপৰীতে নৱাজে মাত্র ২০টা বলতে সংগ্রহ কৰে ৪২ ৰান৷ হার্দিক পাণ্ডিয়াই ৰিজৱানৰ উইকেট দখল কৰাৰ লগে লগে পাকিস্তানৰ বিজয়ৰ সম্ভাৱনা সীমিত হৈ পৰে যদিও ১৯সংখ্যক অভাৰত ভুবনেশ্বৰ কুমাৰে বৃহৎ ৰান ব্যয় কৰি ভাৰতৰ আশা নির্বাপিত কৰে৷ শেষ পর্যন্ত পাকিস্তানে ১৯.৫ অভাৰত ৫ উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়৷