নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ: মেগছেছে বঁটা গ্রহণ নকৰে কেৰালাৰ প্রাক্তন স্বাস্থ্যমন্ত্রী তথা চি পি আই (এম) নেত্রী কে কে শৈলাজাই৷ ক’ভিড মহামাৰী নিয়ন্ত্রণৰ ক্ষেত্রত বিশেষ অৱদান আগবঢ়োৱাৰ বাবে শৈলাজাক এই আন্তর্জাতিক পুৰষ্কাৰ প্রদানৰ সিদ্ধান্ত লোৱা হৈছিল৷ আনকি ৰমন মেগছেছে বঁটা প্রদান কমিটীৰ পৰা শৈলাজালৈ পত্রও প্রেৰণ কৰা হৈছিল৷ দলৰ নেতাসকলৰ সৈতে আলোচনা কৰাৰ পাছত এই বঁটা গ্রহণ নকৰাৰ সিদ্ধান্ত লয় চি পি আই (এম)ৰ কেন্দ্রীয় সমিতিৰ সদস্যা তথা কেৰালাৰ প্রাক্তন স্বাস্থ্যমন্ত্রীগৰাকীয়্৷ ৬৪সংখ্যক মেগছেছে পুৰস্কাৰৰ বাবে শৈলাজাক নির্বাচন কৰি কর্তৃপক্ষই তেওঁলৈ পত্রও প্রেৰণ কৰিছিল৷ কেৰালাত নিপা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ আৰু ক’ৰোনা মহামাৰীৰ সময়ত পৰিস্থিতি যি ধৰণে শৈলাজাই নিয়ন্ত্রণ কৰিছিল তাৰ জৰিয়তে সমগ্র বিশ্বৰ সন্মুখত প্রশংসাৰ পাত্র হৈ পৰিছিল নেত্রীগৰাকী৷