আজিৰ দিনটোৰ ৰাশিফল
মেষ: এই ৰাশিৰ জাতক–জাতিকাই হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব৷ শিক্ষার্থীসকলৰ বাবে ভাল৷ ব্যৱসায়ীসকলে নতুন কামত হাত নিদিয়াই ভাল৷ শুভ সংখ্যা ২৷
বৃষ: বন্ধুবর্গৰ পৰা সাৱধানে থাকিব৷ চাকৰিৰ ক্ষেত্রত বৰ ভাল নহয়৷ ঘৰত কোনোবা মহান ব্যক্তিৰ আগমন৷ শুভ ৰং ৰঙা, সংখ্যা ১৷
মিথুন: কর্মক্ষেত্রত শত্রুই প্রতিনিয়ত ক্ষতিৰ চেষ্টা কৰিব৷ বিদ্যার্থীসকলৰ শুভ৷ যান–বাহনৰ পৰা সাৱধান৷ ব্যৱসায়ৰ ক্ষেত্রত অতি অশুভ৷
কর্কট: সংসাৰৰ ফালে মানসিক শান্তি বিঘ্ণিত হ’ব পাৰে৷ গণেশ মন্দিৰত ৫টা লাড়ু দান কৰিব৷ শিক্ষার্থীয়ে ভবা মতে ফল নাপাব৷
সিংহ: ৰাজনৈতিক ক্ষেত্রত উন্নতিৰ যোগ৷ আর্থিক মধ্যম৷ বিদ্যার্থীৰ শুভ৷ ব্যৱসায়ীসকলে নতুন কামত হাত নিদিয়াই ভাল৷
কন্যা: কোনো বন্ধুৰ কাৰণে আর্থিকভাৱে ক্ষতিগ্রস্ত হ’ব পাৰে৷ কর্মক্ষেত্রত সাফল্য আহিলেও আশানুৰূপ অর্থ নাহিব৷ শুভ ৰং গুলপীয়া, সংখ্যা ৮৷
তুলা: বিভিন্নফালে মনৰ আশা পূর্ণ হোৱাৰ যোগ দেখা যায়৷ ভিক্ষাৰীক দান কৰিব৷ দূৰ ভ্রমণ৷ শুভ ৰং নীলা, সংখ্যা ২৷
বৃশ্চিক: যান–বাহনৰ পৰা সতর্ক থাকিব৷ বিবাহৰ যোগ৷ প্রেমত অশুভ৷ বিদ্যার্থীয়ে ভবা মতে ফল নাপাব৷ ভ্রমণৰ যোগ আছে৷
ধনু: গা ধোৱাৰ পিছত বেলগছৰ গুৰিত পানী ঢ়ালিব৷ যাত্রা নকৰিব৷ চাকৰিৰ ক্ষেত্রত আগবাঢ়িব পাৰে৷ সংসাৰৰ প্রতি নজৰ ৰাখিব৷ সৰু–সুৰা শাৰীৰিক সমস্যা হ’ব পাৰে৷
মকৰ: ভাল–বেয়াৰ মাজেৰে দিনটো পৰ হ’ব৷ ক’লা কাপোৰ দান আৰু নিৰামিষ আহাৰ গ্রহণ কৰিব৷ বিদ্যার্থীয়ে পঢ়াত মনোযোগ দিলে আশা কৰা মতে ফল পাব৷
কুম্ভ: প্রেমত শুভ৷ চাকৰিৰ ক্ষেত্রত বাধা৷ যান–বাহনৰ পৰা সাৱধানে থাকিব৷ ঘৰৰ কোনো ব্যক্তি শাৰীৰিক সমস্যাত ভুগিব৷ শুভ ৰং বগা, সংখ্যা ৮৷
মীন: এই ৰাশিৰ জাতক–জাতিকাই ৰঙা বস্ত্র পৰিধান কৰিব আৰু নিৰামিষ আহাৰ গ্রহণ কৰিব৷ এজন ব্রাহ্মণক এখন গীতা আৰু দক্ষিণা দান কৰিব৷