‘আপুনি কান্দিব পাৰেনে?’
‘আনে দেখি থাকিলেও’
আনে দেখি থাকিলে আমি চকুপানী কিয় ৰখাই দিওঁ? বিশেষকৈ পুৰুষসকলে চকুপানী ওলোৱা মানেই দুর্বল নেকি?
যি সঁচাকৈ শক্তিশালী তেওঁ আনলৈ কেৰেপ নকৰে৷ প্রাণ খুলি হাঁহে, অন্তৰ উজাৰি কান্দে৷ খেলত জিকিলেও তেওঁৰ চকুপানী ওলায়, হাৰিলেও ওলায়৷ তেওঁ চিনেমা চাওঁতেও কান্দিব, বাস্তৱ জীৱনতো কান্দিব৷ শক্তিৰ চার্টিফিকেটখন তেওঁক আনৰ পৰা নালাগে৷ দেৱতায়ো কান্দে৷ ভগৱান শ্রীকৃষ্ণয়ো কেইবাবাৰো কান্দিছিল৷
দুর্বল নে শক্তিশালী? দুই বৈপৰীত্য৷ দুটা ভিন্ন ইমেজ ভাহি উঠে আমাৰ চকুত৷ শক্তিশালী বুলি ক’লে যেনেকৈ এটা পজিটিভ ইমেজ ভাহি উঠে, দুর্বল ক’লে এটা নিগেটিভ ইমেজ আহে৷
কিন্তু আমি যে দুর্বলক নিগেটিভ আৰু শক্তিশালী বা সবলক পজিটিভ কৰি ৰাখিছোঁ, সেয়া কিমান শুদ্ধ? দুর্বল নিগেটিভ আৰু সবল পজিটিভ বুলি আমাৰ হাতত কিবা প্রমাণ আছেনে? দুর্বল অথবা দুর্বলীৰ সংজ্ঞা কি? দুর্বল–সবল চিনাক্ত কৰাৰ কিবা সর্বজনগৃহীত সূত্র আছে নেকি? সবল–দুর্বল, পজিটিভ–নিগেটিভ এই কনচেপ্ঢবোৰৰ বিষয়ে থকা আমাৰ পূর্বকল্পিত বা প্রচলিত ধাৰণাবোৰ কিমান যুক্তিসংগত?
প্রচলিত ধ্যান–ধাৰণাই যিকোনো বিষয়ৰ ক্ষেত্রতে আমাৰ পৰিজ্ঞানক প্রভাৱিত কৰে৷ আমাৰ মনলৈ অহা ভাবটো আমি কেনেকৈ ভাবোঁ সেয়াই পাৰচেপছন হৈ পৰে৷ ‘মই ইমান দুর্বল যে মই নিজৰ কাৰণেই থিয় হ’ব নোৱাৰিলোঁ৷’ এই কথাটো আমি এনেকৈও ভাবিব পাৰোঁ– ‘এই যুদ্ধখন মই উপযুক্ত সময়ত কৰিম৷’ এনে নিৰপেক্ষ চিন্তাই আমাৰ আত্মসন্মান অক্ষুণ্ণ ৰাখে৷ কথা হ’ল– এই ভাব সঁচা হ’ব লাগিব৷ যুদ্ধ এৰি পলায়নৰ ৰাস্তা হিচাপে ব্যৱহাৰ কৰিলে নহ’ব৷
এটা সময়ত সবল বা শক্তিশালী হ’বলৈ শাৰীৰিক শক্তি অপৰিহার্য আছিল৷ যাঠী–জোং, ধনু–কাঁড় আদিৰ আৱিষ্কাৰ আৰু ব্যৱহাৰে শাৰীৰিক শক্তিৰ গুৰুত্ব ক্রমাৎ কমাই আনিলে৷ আৰু এটা সময় আহিল যেতিয়াৰ পৰা শৰীৰতকৈ মগজুৱেহে শক্তি নির্ধাৰণ কৰিবলৈ ল’লে৷ লগে লগে আহিল টেকন’লজী৷ ধন–সম্পত্তিৰ গুৰুত্বতো আছেই৷ আৰু আহিল সফলতা–বিফলতাৰে শক্তি জোখাৰ এক নতুন নীতি৷
ক্ষমতা৷ সামাজিক মোকামৰ ক্ষমতা, ধন–দৌলতৰ ক্ষমতা, গ্লেমাৰৰ ক্ষমতা, সফলতাৰ ক্ষমতা৷ ক্ষমতাই নির্ধাৰণ কৰে শক্তি৷ কোন দুর্বল, কোন শক্তিশালী৷
শক্তিশালী হ’লেই সঁচাই সবল হয়নে? সবল হৈ সফল হ’ব পাৰি৷ কিন্তু সাফল্য হেৰুওৱাৰ ভয়ে আকৌ কোঙা কৰি পেলায়৷ ক্ষমতা পাই শক্তিশালী হোৱাৰ পাছত সেই ক্ষমতা হেৰুওৱাৰ ভয়ে দুর্বল কৰি পেলায়৷
স্ব–বাস্তৱতাক লুকুওৱা মানেই অভিনয় কৰা৷ আমি এখন মুখা পিন্ধো আৰু নিজক লুকুৱাওঁ৷ ভাবি লওঁ নিজৰ বিষয়ে আনৰ ধাৰণাক আমি নিয়ন্ত্রণ কৰি লৈছোঁ৷ মানে আমি নিজৰ অনুভৱ–নুভূতিতকৈ আনৰ আমাৰ বিষয়ে অনুভৱক বেছি গুৰুত্ব দিওঁ৷ আমি ধৰি লওঁ যে আমাৰ স্বাভাৱিক কার্যই আনৰ অনুমোদন নাপাব৷ আনে আমাক হাঁহিব বা হেয় চকুৰে চাব৷ আমি স্বাভাৱিক হ’বলৈ ভয় কৰোঁ, লাজ কৰোঁ, সংকোচ কৰোঁ৷ আমি চকুপানী লুকুৱাওঁ৷ আমি তেনেহ’লে দুর্বল নে সবল আনে আমাৰ বিষয়ে কি ভাবে, কিয় আমাৰ কাৰণে ইমান গুৰুত্বপূর্ণ৷ আমি কেনেকুৱা সেয়া বিচাৰ কৰাৰ দায়িত্ব আমি আনক কিয় দিওঁ? আমাৰ আত্মমূল্য, আত্মসন্মান নাই নেকি? আনক নিজৰ বিচাৰক হোৱাৰ দায়িত্ব দি আমি নিজৰ ওপৰতে ইম’চনেল অত্যাচাৰ চলাওঁ৷ আনৰ চকুত সবল হ’বলৈকে আমি ইমানখন কৰোঁ৷ আমি দুর্বল নে সবল?
অকণমান এটা প্রব্লেম হ’লেই আমি কওঁ বা আমাক কয়– ‘ষ্ট্রং হ’ব লাগিব দেই৷ ষ্ট্রং হৈ থাকিব লাগিব৷’ ডাঙৰ ইছ্যুততো কথাই নাই৷ নিজৰ কোনোবা ঢুকাইছে৷ ‘ষ্ট্রং হ’ব লাগিব৷’ মানে তোমাৰ স্বাভাৱিক আৱেগক সোপা মাৰি ৰাখিব লাগিব৷ তুমি কান্দিব নোৱাৰিবা৷ কিয়? কান্দিলেনো কি হৈ যাব? বা কি নোহোৱাকে থাকিব? নিজৰ কোনোবা আপোন নোহোৱা হৈ গ’ল, অকণমান দুখ লাগিবলৈও দিব নোৱাৰিনে? এই স্বাভাৱিক অনুভূতিবোৰ হেঁচি ৰাখি কি প্রমাণ কৰিব খোজোঁ আমি৷ তেনেকুৱা অস্বাভাৱিক কাম কৰাতকৈ তথাকথিত দুর্বল হোৱাই ভাল, এসোঁতা কান্দি লোৱাই ভাল৷
কি চাই আমি কাৰোবাক মেণ্টেলী ষ্ট্রং বা উইক বুলি ভাবোঁ আমাৰ বুজন কিন্তু শুদ্ধ নহয়৷ আমি উইক বুলি ভবা বহুবোৰ চিন–ইংগিতে কিন্তু আচলতে ষ্ট্রংহে সূচায়৷ ষ্ট্রং হৈ দেখুওৱাটো এটা বাহ্যিক ৰূপ৷ আমি নিজকে যন্ত্রণা–বধিৰ বুলি সাব্যস্ত কৰিবলৈ চেষ্টা কৰোঁ৷ কিন্তু যি সঁচাকৈয়ে মানসিকভাৱে শক্তিশালী, তেওঁ নিজৰ নমনীয় ৰূপটো প্রকাশ কৰিবলৈ কুণ্ঠাবোধ নকৰে৷ অনেকেই অৱশ্যে এওঁলোকৰ এই অকপটতাক দুর্বলতা বুলি ভ্রমিত হয়৷ মৰমিয়াল, উদাৰ বা বদান্য হোৱাটো দুর্বলতা নহয়৷ শক্তিশালী হ’লেহে এনে উচ্চমনা হ’ব পাৰি৷ তেনেদৰে নিজৰ দুর্বলতা মানি লোৱাটোও দুর্বলতা নহয়৷ ষ্ট্রং হ’লেহে সঁচা কথা ক’ব পাৰি৷
ধৈর্য৷ এটা ডাঙৰ গুণ৷ আজিকালি কিন্তু ধৈর্য আৰু নিষ্ক্রিয়ৰ মাজৰ পার্থক্য ক্ষীণ হৈ আহিছে৷ নিষ্কর্মা বুলি এটা লেবেল লাগি যোৱাৰ আশংকা থকা সত্ত্বেও ধৈর্য ধৰিবলৈ সাহস লাগে৷
সফলতা৷ সফলতাও তেনেকৈ শক্তিৰ মাপকাঠী হ’ব নোৱাৰে৷ কোনোবাই সাফল্যৰ পাছত সাফল্য লাভ কৰিব পাৰে৷ তাৰ কিন্তু আৰু এটা অর্থ হ’ব পাৰে তেওঁ নিজৰ কমফ’ট জ’নৰ ভিতৰত কাম কৰি আছে৷ নিজৰ সম্ভাৱনাক তেওঁ সম্পূর্ণ ব্যৱহাৰ কৰা বা চেলেঞ্জ কৰা নাই৷ কাৰণ তেওঁ বিফলতাক ভয় কৰে৷
তেনেদৰে আঁতৰি যোৱা মানেই দুর্বলতা নুবুজায়৷ যি তর্ক–বিতর্কৰ পৰা একো পজিটিভ ৰিজাল্ট নোলায়, আঁতৰি যোৱাই ভাল৷ অর্থাৎ প্রকৃত অর্থত ষ্ট্রং হ’বলৈ হ’লে আমাক বাহুতকৈ বেছি মেণ্টেল মাচ্লৰ প্রয়োজন৷
হাত দীঘল মানুহ৷ প্রভাৱশালী৷ প্রতিপত্তিশালী৷ এটা সময়ত এটা কনচেপ্ঢ আছিল৷ এতিয়া সেই কনচেপ্ঢ ক্রমাৎ নোহোৱা হৈ আহিছে৷ তেওঁক চুব নোৱাৰি৷ তেনেকুৱা কথা আৰু নাই৷ দুর্বলী এটা পৰিধিৰ ভিতৰত আৰু শক্তিশালীক দিগন্তয়ো ঢুকি নাপায় তেনে কথা নাই৷ শক্তিশালীহে আজিকালি বেছি ভালনাৰেব্ল৷ অসুৰক্ষিত৷ দুর্বলী নহয়৷
ট্র’লিং৷ সামাজিক মাধ্যম জনপ্রিয় হৈ উঠাৰ লগে লগে আহিল ট্র’লিং৷ চাব লগা কথাটো হ’ল কোনে কাক ট্র’ল কৰে৷ প্রতিটো সমালোচনাত্মক মন্তব্য যেনেকৈ যুক্তিকৰ নহয়, তেনেকৈ অযুক্তিকৰো নহয়৷ তথাপি কিন্তু ট্র’লিঙেৰে অনলাইন মাধ্যম সক্রিয় হৈ থাকে৷ কিমানৰ মুখ বন্ধ কৰিম৷ মাধ্যম সঁচাকৈয়ে গণতান্ত্রিক হৈ গ’ল৷ সামন্ত প্রথাৰ দিন উকলি গ’ল৷ জমিদাৰ এতিয়া বেছি অসুৰক্ষিত৷
জনমত, সহমর্মিতা এতিয়া দুর্বলীৰ লগত৷ এইটোও আকৌ এটা আপেক্ষিক কনচেপ্ঢ৷ পৰিস্থিতিসাপেক্ষ৷ মটৰচাইকেল আৰু খোজকাঢ়ি যোৱা মানুহৰ মাজত দুর্ঘটনা হ’লে দোষ মটৰচাইকেলৰ৷ আনখন যদি গাড়ী হয়, তেনেহ’লে গাড়ীখনৰ৷ যদি দুয়োখনেই গাড়ী হয়, তেনেহ’লে বেছি দামী গাড়ীখনৰ৷ সামাজিক মত–মাধ্যমো দুর্বলীৰ লগত৷ দুর্বলী এতিয়া অতি বিপজ্জনক৷ দুর্বলীয়ে এতিয়া যেতিয়াই–তেতিয়াই আক্রমণ কৰিব পাৰে৷ সময় সলনি হ’ল৷ হাতদীঘল প্রজাতিৰ অৱস্থা এতিয়া তথৈবচ৷
কাৰণ এই প্রজাতিৰ বেছিভাগেই ৰিফ্লেক্টেড গ্ল’ৰীত ওপঙি থাকে৷ হাতদীঘল মানে কি? হাতখনে গৈ কাৰোবাৰ ক’ৰবাত চুব পাৰে৷ ভৰিও হ’ব পাৰে৷ তেওঁলোকৰ নিজস্ব একো নাই৷ কোনো ব্যক্তি, অনুষ্ঠান বা সামাজিক পৰম্পৰাৰ আঁৰত তেওঁলোক চলি থাকে৷ তেওঁলোকক সদায়েই এখন কান্ধ লাগে৷ আনৰ৷ কোনো গণভিত্তি নোহোৱাকৈ তেওঁলোকে বহু কাল ৰাজত্ব কৰিলে৷ মানুহ এওঁলোকৰ ওপৰত উত্যুক্ত হৈ আছিলেই৷ অনলাইন মাধ্যমে মানুহৰ মতক প্রকাশ দিলে৷ তাৰ ৰিজাল্ট– হাতদীঘল মানুহ এতিয়া এন্ডেন্জাৰড্ প্রজাতি৷
এতিয়া পাৱাৰফুল বেছি ভালনাৰেব্ল৷