নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আধুনিক যুগত এলান্ধুকলীয়া নিয়মঃ বজালীৰ শিয়ালমাৰীত আঠ বছৰে এলাগী দুৰ্ভগীয়া পৰিয়াল

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ মানৱ সমাজে সভ্যতাৰ উচ্চ শিখৰত আৰোহণ কৰাৰ সময়তে বজালী জিলাৰ ভৱানীপুৰ সমষ্টিৰ অন্তৰ্গত শিয়ালমাৰী গাঁৱৰ এক লজ্জাজনক ঘটনাই সমগ্ৰ বজালীতে সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ এটি সৰু ঘটনাক লৈ বিগত আঠ বছৰে সামাজিকভাৱে বহিস্কৃত এটি পৰিয়ালৰ ওপৰত গাঁওবাসীয়ে এতিয়া চলাইছে অমানৱীয় নিৰ্যাতন৷ ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি আজি পৰা আঠ বছৰৰ পূৰ্বে বজালীৰ সৰুপেটা আৰক্ষী চকীৰ অন্তৰ্গত শিয়ালমাৰী গাঁৱৰ উদ্ধৱ চন্দ্র ৰয় নামৰ ব্যক্তিগৰাকীৰ পৰিয়ালত ঘটিছিল এক দুখজনক ঘটনা৷ অতি দুখীয়া পৰিয়ালটোৰ গোহালিত নিশা মৃত্যু হৈছিল এটি গোধনৰ৷ গোধনৰ মৃত্যুৰ পিছতে কথাটো ৰাইজৰ মাজত জনাজাত হোৱাত পুৰণি ৰীতি-নীতি অনুসৰি পৰিয়ালটো প্ৰায়শ্চিত্ত হব লগা হয়৷ গাঁওখনৰ ৰাইজৰ মতে পৰিয়ালটো বৈদিক নীতি মতে প্ৰায়শ্চিত্ত হব লাগে, কিন্তু পৰিয়ালটোৱে ভকতীয়া নিয়মানুসাৰে প্ৰায়শ্চিত্ত হয়৷ যাৰ পৰিপ্ৰেক্ষতিত বৈদিক ৰীতি নীতিত অটল গাঁওবাসীয়ে তেওঁলোকৰ কথা নমনা বাবে পৰিয়ালটোক সামাজিকভাৱে বহিষ্কাৰ কৰে৷ আৰু পৰিয়ালটোৰ ঘৰত কোনোবাই গ’লে বা পৰিয়ালটোৰ মানুহে গাঁৱৰ কাৰোবাৰ ঘৰত গ’লে ৫১ টকা জৰিমনা বিহাৰ কথা ৰাইজে ঘোষণা কৰে৷ ফলত গাঁৱৰ ৰাইজৰ লগত সকলো সম্পর্ক ছেদ কৰি পৰিয়ালটোৱে সম্পূৰ্ণ অকলশৰীয়াকৈ বসবাস কৰি থাকিল৷ আনহাতে সময় বাগৰাৰ লগে লগে পৰৱৰ্তী সময়ত জৰিমনাৰ পৰিমাণ ৫১ টকাৰ পৰা গৈ ক্ৰমাৎ ৫০১ টকা, ১০০১ টকালৈ বৃদ্ধি কৰা হয়৷ পৰিয়ালটোৰ শিশুটিক বিদ্যালয়ত পঢ়ুওৱাৰ পৰা আৰম্ভ কৰি গাঁৱৰ দোকানৰ পৰা সামগ্ৰী পৰ্যন্ত কিনিব নোৱাৰা অকলশৰীয়া দুখীয়া পৰিয়ালটোৱে বিভিন্ন সময়ত বিভিন্ন আহুকালৰ সন্মুখীন হৈ আহিছিল যদিও কেতিয়াও কাৰো প্ৰতি কোনো আক্ষেপ প্ৰকাশ কৰা নাছিল৷ কিন্তু তিনি দিন পূৰ্বে বজালী অঞ্চলত পালন কৰা এক পৰম্পৰাগত অনুষ্ঠান ‘নষ্টচন্দ্র’ৰ নিশা পৰিয়ালটোৰ ওপৰত একাংশ লোকে অত্যাচাৰ চলোৱাৰ অভিযোগ আনে পৰিয়ালটোৱে৷ পৰিয়ালটোৰ অভিযোগ অনুসৰি তেওঁলোকৰ চৌহদত থকা মালভোগ কলৰ পৰা আদি কৰি কাটি পেলায় কেইবাজোপাও গছ আৰু যতৰ, চাইলকে আদি কৰি চুৰ কৰি নিয়ে বিভিন্ন সামগ্ৰী৷ যাৰ বাবে ভীতিগ্ৰস্ত হৈ পৰিয়ালৰ লোক আৰক্ষীৰ ওচৰ চাপিবলৈ বাধ্য হয়৷ ইপিনে মানৱ সমাজক লজ্জানত কৰা এই ঘটনাৰ খবৰ লাভ কৰি একাংশ সাংবাদিকে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাত একাংশ গাঁওবাসীয়ে নিজৰ স্বৰূপ ওলাই পৰাৰ ভয়ত সাংবাদিকক বাতৰি সংগ্ৰহত বাধা প্ৰদান কৰাৰ লগতে গাওঁখনৰ পৰা খেদিবলৈ উদ্যত হয়৷ উল্লেখ্য যে দিন হাজিৰা কৰি পৰিয়ালৰ ভৰণ পোষণৰ দিহা কৰা উদ্ধৱ চন্দ্র ৰয়ে বুঢ়ী আইতাক, পিতৃ-মাতৃ, পত্নী আৰু এটি দিব্যাংগ সন্তান সহ দুটি পানীকেঁচুৱাৰে কোনোমতে পৰিয়ালটোৰ ভৰণ-পোষণৰ দিহা কৰি আহিছে৷ সামাজিকভাৱে এলাগী যদিও কাকো কেতিয়াও আমনি নকৰাকৈ পৰিয়ালটো চলি আহিছিল যদিও এতিয়া এই ঘটনাৰ পিছতে পৰিয়ালটো জীৱনৰ শংকাত ভুগিছে৷ এনে এক প্ৰেক্ষাপটতে এতিয়া পৰিয়ালটোৰ বোৱাৰীগৰাকীয়ে কোলাত দিব্যাংগ কেঁচুৱাটিক লৈ সাংবাদিকৰ আগত হৃদয়হীন সমাজখনৰ পৰা ৰক্ষা কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক হাতযোৰ কৰি কান্দি কান্দি কাকুতি কৰিছে৷ ইপিনে এই অমানবীয় ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে বজালী জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক পুষ্কল গগৈ সহ সৰুপেটা আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ মানৱ সভ্যতাই আধুনিকতাৰ শীৰ্ষত উপনীত হোৱাৰ সময়ত বজালীৰ দৰে এখন জিলাত এনেকুৱা সংকীৰ্ণ মানসিকতাৰে আবৃত এখন গাওঁৰ ৰাইজৰ এই কাৰ্যকলাপে যেন বজালীৰ সভ্য সমাজক বাৰুকৈ লাজত পেলাইছে৷
প্ৰেৰকঃ কল্যাণ কলিতা

You might also like