নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্ৰেলিয়ান অপেনঃ হালপেক হৰুৱাই ফাইনেলত মুগুৰুজা

ছেমিত থমকিল ফেডেৰাৰ, এছলে বাৰ্টি

নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ বছৰটোৰ প্রথমটো সন্মানীয় গ্রেণ্ডশ্লাম অ’ষ্ট্রেলিয়ান অ’পেনৰ খিতাপ জয়ৰ স্বপ্ন ধূলিস্যাৎ হ’ল ছুইজাৰলেণ্ডৰ কিংবদন্তি খেলুৱৈ ৰ’জাৰ ফেডেৰাৰৰ৷ মেলব’নত পূর্ণগতিত চলি থকা গ্রেণ্ডশ্লামখনৰ পুৰুষ ছিংগলছৰ ছেমিফাইনেলত অভিযান সামৰিলে ২০বাৰৰ গ্রেণ্ডশ্লাম ফেডেৰাৰে৷ মেলব’ন পার্কত বৃহস্পতিবাৰে অনুষ্ঠিত পুৰুষ ছিংগলছৰ প্রথমখন ছেমিফাইনেলত তৃতীয় বাছনিৰ ফেডেৰাৰে ডিফেণ্ডিং চেম্পিয়ন তথা তৃতীয় বাছনিৰ ছার্বিয়াৰ ন’ভাক জক’ভিচৰ হাতত আত্মসমর্পণ কৰে৷ সাতবাৰৰ চেম্পিয়ন জক’ভিচে ফেডেৰাৰক ৭–৬, ৬–৪, ৬–৩ ছেটত পৰাস্ত কৰি অষ্টমবাৰৰ বাবে অষ্ট্রেলিয়ান অ’পেনৰ ফাইনেল খেলাৰ যোগ্যতা অর্জন কৰে৷ উল্লেখ্য যে ২০০৭ চনৰ পৰাই জক’ভিচে মেলব’ন পার্কত ফেডেৰাৰৰ হাতত পৰাজয় স্বীকাৰ কৰা নাই৷ অষ্ট্রেলিয়ান অ’পেনত এতিয়ালৈকে দুয়োগৰাকীয়ে পাঁচবাৰ মুখামুখি হৈছে আৰু আটাইকেইবাৰেই ছার্বিয়ান খেলুৱৈগৰাকীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হৈছে৷ ফাইনেলত জক’ভিচে জার্মানীৰ আলেকজেণ্ডাৰ জেৰেভ আৰু ডমিনিক থিয়েমৰ মাজত হ’বলগীয়া দ্বিতীয়খন ছেমিফাইনেলৰ বিজয়ীগৰাকীৰে মুখামুখি হ’ব৷ ইফালে, মহিলা শাখাৰ ছিংগলছৰ ফাইনেলত প্রতিদ্বন্দ্বিতা আগবঢ়াব আমেৰিকাৰ প্রতিভাৱান খেলুৱৈ ছ’ফিয়া কেনিন আৰু স্পেইনৰ গার্বিন মুগুৰুজাই৷ মহিলা শাখাৰ ছিংগলছৰ বৃহস্পতিবাৰে অনুষ্ঠিত ছেমিফাইনেল মেচ এখনত চতুর্দশ বাছনিৰ ছ’ফিয়া কেনিনে বিশ্বৰ শীর্ষ বাছনিৰ এছলে বার্টিক পৰাস্ত কৰি প্রথমবাৰৰ বাবে গ্রেণ্ডশ্লামৰ ফাইনেল খেলাৰ যোগ্যতা অর্জন কৰে৷

অষ্ট্ৰেলিয়ান অপেনাৰ ছেমিফাইনেলত পইণ্ট লাভ কৰি উৎফুল্লিত ছফিয়া কেনিন

২০০৮ চনত আনা ইভান’ভিকৰ পিছত সর্বকনিষ্ঠ খেলুৱৈ হিচাপে অষ্ট্রেলিয়ান অ’পেনৰ ফাইনেলত প্রৱেশ কৰা কেনিনে এছলে বার্টিক এঘণ্টা ৪৫ মিনিটৰ যুঁজৰ অন্তত ৭–৬ (৬), ৭–৫ ছেটত পৰাস্ত কৰে৷ ইফালে, দুবাৰৰ গ্রেণ্ডশ্লাম বিজয়ী গার্বিন মুগুৰুজাই আনখন ছেমিত বিশ্বৰ তৃতীয় বাছনিৰ ৰোমানিয়াৰ ছিমনা হালেপক ৭–৬ (৮), ৭–৫ ছেটত পৰাস্ত কৰে আৰু কেৰিয়াৰত প্রথমবাৰৰ বাবে অষ্ট্রেলিয়ান অ’পেনৰ ফাইনেলত প্রৱেশ কৰে৷

You might also like