নিয়মীয়া বাৰ্তা ৩১ জানুৱাৰীঃ ইউৰোপীয় সংঘ (ইইউ)ৰ পৰা আজি মাজনিশা আনুষ্ঠানিকভাৱে ব্রিটেইনে প্রস্থান কৰিব৷ প্রায় অর্ধশতিকা ধৰি ইউৰোপীয় সংঘৰ সদস্য হৈ আছিল ব্রিটেইন৷ তিনি বছৰ পূর্বে ব্রিটেইনত গণভোটৰ জৰিয়তে ব্রেক্সিট নিশ্চিত কৰা হৈছিল৷ অর্থাৎ ইউৰোপীয় সংঘৰ পৰা ব্রিটেইনৰ প্রস্থান নিশ্চিত হৈছিল গণভোটত৷ কিন্তু তিনি বছৰ ধৰি ইয়াক লৈ বিভিন্ন প্রক্রিয়া চলি থাকিল ইউৰোপীয় সংসদত৷ এক আৱেগিক ভোট প্রক্রিয়াত কালি আনুষ্ঠানিকভাৱে ইউৰোপীয় সংঘৰ সাংসদসকলে ব্রিটেইনক সংস্থাটোৰ পৰা বিদায় দিয়াৰ সিদ্ধান্ত লয়৷ ইতিমধ্যে এই ভোট প্রক্রিয়াৰ পাছতেই ব্রেক্সিট আইন গৃহীত হৈছে ইউৰোপীয় সংসদত৷ ইউৰোপীয় সংসদৰ ৬২১গৰাকী সাংসদে এই ভোট প্রক্রিয়াত অংশগ্রহণ কৰাৰ পাছতে ব্রিটেইনৰ প্রস্থান নিশ্চিত হৈ পৰিছে৷ স্মর্তব্য যে ব্রেক্সিট প্রক্রিয়াক লৈয়েই ব্রিটেইনত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হৈছিল৷ আনকি দুগৰাকীকৈ প্রধানমন্ত্রীয়ে ব্রেক্সিট সম্পন্ন কৰিব নোৱাৰাকৈয়ে ক্ষমতা এৰিবলগীয়া হৈছিল৷ বর্তমানৰ প্রধানমন্ত্রী বৰিছ জনছনৰ বাবে ব্রেক্সিট আছিল এক বৃহৎ প্রত্যাহ্বান৷ কিন্তু বিগত নির্বাচনত ব্রিটেইনত জনছনৰ কনজাৰভেটিভ দলে বৃহৎ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হোৱাৰ পাছতে ইউৰোপীয় সংঘৰ পৰা ব্রিটেইনৰ আনুষ্ঠানিক প্রস্থান নিশ্চিত হৈ পৰে৷ আজি ইউৰোপীয় সংসদত সাংসদসকলে ব্রিটেইনৰ প্রস্থানক লৈ পৰম্পৰাগত স্ক’টিছ সংগীত ‘আল্ড লাং ছাইন’ পৰিৱেশন কৰে৷